April 21, 2024 12:06 PM | PM Modi

printer

বিধি বলৱৎকাৰী সঞ্চালকালয় আৰু চিবিআইৰ দৰে কেন্দ্ৰীয় সংস্থাসমূহক স্বতন্ত্রভাৱে কাম কৰিবলৈ দিব লাগে আৰু চৰকাৰ তথা ৰাজনীতিকসকলে এনে সংস্থাসমূহৰ কাম-কাজত হস্তক্ষেপ কৰিব নালাগেঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, বিধি বলৱৎকাৰী সঞ্চালকালয় আৰু চিবিআইৰ দৰে কেন্দ্ৰীয় সংস্থাসমূহক স্বতন্ত্রভাৱে কাম কৰিবলৈ দিব লাগে আৰু চৰকাৰ তথা ৰাজনীতিকসকলে এনে সংস্থাসমূহৰ কাম-কাজত হস্তক্ষেপ কৰিব নালাগে। এটা ব্যক্তিগত টিভি চেনেলৰ সৈতে হোৱা সাক্ষাৎকাৰৰ সময়ত কেন্দ্ৰীয় সংস্থাসমূহৰ অপপ্ৰয়োগৰ অভিযোগ সন্দৰ্ভত সোধা এটা প্ৰশ্নৰ উত্তৰত প্রধানমন্ত্ৰীগৰাকীয়ে কালি এইদৰে প্ৰকাশ কৰে। শ্ৰী মোদীয়ে কয় যে, সংস্থাসমূহে নিজৰ কাম কৰি আছে আৰু এগৰাকী প্ৰধানমন্ত্ৰী হিচাপে তেওঁৰো বিধি বলৱৎকাৰী সঞ্চালকালয়ৰ কাম-কাজত হস্তক্ষেপ কৰাৰ অধিকাৰ নাই। তেওঁ কয় যে, ২০১৪ চনৰ পূৰ্বে বিধি বলৱৎকাৰী সঞ্চালকালয়ে মাত্র ৮৪ টা তালাচী চলাইছিল তথা ২০১৪ চনৰ পাছত মুঠ ৭ হাজাৰটা তালাচী চলাইছে আৰু ইয়াৰ পৰা সংস্থাটো দক্ষতা প্রতিফলিত হৈছে। অন্য এটা প্ৰশ্নৰ উত্তৰত প্রধানন্ত্ৰীগৰাকীয়ে কয় যে, প্ৰতিগৰাকী নাগৰিক বিশেষকৈ দুখীয়া জনসাধাৰণক সবল কৰি তোলাই তেওঁৰ চৰকাৰৰ আৰ্হি। তেওঁ কয় যে, দেশৰ নাগৰিকসকলৰ বোজা লাঘব কৰাটো চৰকাৰৰ দায়িত্ব । আন এটা প্ৰশ্নৰ উত্তৰত শ্ৰীমোদীয়ে কয় যে, এইবাৰৰ লোকসভা নিৰ্বাচনত বিজেপি অথবা তেওঁ অৱতীৰ্ণ হোৱা নাই বৰং এয়া জনসাধাৰণৰ উদ্যমৰূপে পৰিগণিত হৈছে। তেওঁ কয় যে, দেশে ৩ দশক পর্যন্ত অস্থিৰ চৰকাৰ প্ৰত্যক্ষ কৰিছিল যাৰবাবে দেশৰ বিকাশ প্ৰভাৱিত হৈছিল। তেওঁ লগতে কয় যে, দেশৰ ভোটাদাতাসকলৰ এখন সুস্থিৰ চৰকাৰে কি কৰিব পাৰে, তাৰ অভিজ্ঞতা আছে।

অধিক পঢ়ক

সকলো চাওক