বিধানসভা নিৰ্বাচনৰ পাছত জম্মু-কাশ্মীৰক পুনৰাই ৰাজ্যৰ মৰ্য্যাদা দিয়া হ’ব বুলি গৃহ মন্ত্ৰী অমিত শ্বাহৰ আশ্বাস

বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহে বিধানসভা নিৰ্বাচনৰ পাছত জম্মু-কাশ্মীৰক পুনৰাই ৰাজ্যৰ মৰ্য্যাদা দিয়া হ’ব বুলি আশ্বাস দিছে। জম্মুত আজি এখন জনসভা সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে, মোদী চৰকাৰে সংবিধানৰ ৩৭০ নম্বৰ অনুচ্ছেদ প্ৰত্যাহাৰ কৰাৰ পাছত হ’বলগীয়া জম্মু-কাশ্মীৰৰ আসন্ন বিধানসভা নির্বাচন ঐতিহাসিকৰূপে পৰিগণিত হৈছে। কংগ্ৰেছ-নেচনেল কনফাৰেন্স মিত্ৰজোটে পুৰণি ব্যৱস্থা পুনৰুজ্জীৱিত কৰাৰ চেষ্টা চলোৱা বুলি শ্ৰীশ্বাহে অভিযোগ তোলে। কংগ্ৰেছ আৰু নেচনেল কনফাৰেন্সে জম্মু-কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদৰ অগনিলৈ ঠেলি দিয়াৰ চেষ্টা কৰিছে বুলি অভিযোগ উত্থাপন কৰি তেওঁ কেন্দ্ৰীয়শাসিত অঞ্চলটোত সন্ত্রাসবাদজনিত ঘটনা ৭০ শতাংস হ্ৰাস পাইছে বুলি প্ৰকাশ কৰে। শ্রীশ্বাহে কয় যে, এন ডি এ চৰকাৰে সন্ত্ৰাসবাদক পুনৰাই মূৰ দাঙি উঠিব নিদিয়ে। তেওঁ লগতে চৰকাৰে অলপতে সংৰক্ষণৰ সুবিধা প্ৰদান কৰা গুজ্জৰ, পাহাৰী, বকৰৱাল আৰু দলিতসহ কোনো সম্প্ৰদায়ৰ বিৰুদ্ধে অন্যায় হ’বলৈ নিদিয়ে বুলি প্ৰকাশ কৰে। কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ ১৮ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া তিনিটা পৰ্য্যায়ৰ বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ প্ৰচাৰ অভিযান সন্দৰ্ভত দুদিনীয়া ভ্রমণসূচিীৰে জম্মু- কাশ্মীৰত আছে।

অধিক পঢ়ক

সকলো চাওক