মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বিধানসভাত অসম লোকসেৱা আয়োগৰ ২০১৩ আৰু ২০১৪ চনৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ অনিয়ম সন্দৰ্ভত তদন্তৰ বাবে গঠন কৰা ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগৰ প্রতিবেদন দাখিল কৰে। প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ বাহিৰত আয়োজন কৰা অসম বিধানসভা অধিৱেশনে বড়ো জনগোষ্ঠী আৰু বিটিআৰ এলেকাত বসবাস কৰা জনসাধাৰণৰ প্ৰতি থকা ৰাজ্য চৰকাৰৰ দায়বদ্ধতাকে সূচাইছে বুলি মুখ্যমন্ত্রী শর্মাই মত-ব্যক্ত কৰে। তেওঁ কয়, যে এই অধিৱেশনে জনমুখী সেৱাৰ প্ৰতি ৰাজ্য চৰকাৰৰ গুৰুত্ব প্ৰদানৰ দিশটোক পুনৰবাৰ প্ৰতীয়মান কৰিলে। তেওঁ এই অধিৱেশন সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত বিটিচি পৰিষদীয় চৰকাৰে আগবঢ়োৱা সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। এই অধিবেশনে বিটিআৰ এলেকা তথা সামগ্ৰিকভাৱে ৰাজ্যবাসীৰ আশা-আকাংক্ষা পূৰণত নতুন দিগন্তৰ সূচনা কৰিব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। মুখ্যমন্ত্রী শর্মাই এই বাজেট অধিৱেশনত অংশগ্ৰহণৰ প্ৰাকমুহূৰ্তত সৰলপাৰা আৰু ভূটান সীমান্ত সংযোগী পথৰ নিৰ্মাণ সন্দৰ্ভত আয়োজিত এটা অনুষ্ঠানতো অংশ লয়। তেওঁ পূৰ্বতে দিয়া প্রতিশ্রুতি অনুসৰি এই পথ নির্মাণ সন্দৰ্ভত লোকনির্মাণ বিভাগৰ পৰা বিতং তথ্য গ্ৰহণ কৰে আৰু নিৰ্ধাৰিত সময় অনুসৰি এই নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে।
Site Admin | February 17, 2025 6:51 PM | CM Himanta Biswa Sarma | CMO Assam
বিধানসভাত অসম লোকসেৱা আয়োগৰ ২০১৩-২০১৪ চনৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ অনিয়ম সন্দৰ্ভত ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগৰ প্রতিবেদন দাখিল মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ
