September 24, 2024 12:09 PM | Om Birla

printer

বিধানমণ্ডলৰ কাম-কাজ আৰু দক্ষতা বিকাশৰ বাবে প্ৰযুক্তিৰ ব্যৱহাৰত গুৰুত্ব আৰোপ লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই বিধানমণ্ডলৰ কামকাজ আৰু দক্ষতা বিকাশৰ বাবে প্ৰযুক্তিৰ ব্যৱহাৰত গুৰুত্ব আৰোপ কৰিছে। কালি নতুন দিল্লীত আৰম্ভ হোৱা কমনৱেলথ সংসদীয় সংস্থাৰ দুদিনীয়াকৈ অনুষ্ঠিত দশম ভাৰত আঞ্চলিক সন্মিলনত ভাষণ দি তেওঁ এইদৰে কয়। শ্ৰী বিৰলাই বিধানমণ্ডলসমূহক বিভিন্ন মঞ্চৰ মাধ্যমেৰে আলোচনা কৰি প্ৰযুক্তিৰ জৰিয়তে সমাজৰ শেষ ব্যক্তিজনেও যাতে কল্যাণমূলক আঁচনিসমূহৰ সুবিধা লাভ কৰিব পাৰে তাৰ বাবে কাম কৰিবলৈ আহ্বান জনায়। সাম্প্ৰতিক সময়ত প্ৰযুক্তি আৰু যোগাযোগৰ মাধ্যমসমূহ জনসাধাৰণৰ দৈনন্দিন জীৱনৰ অংশ হোৱাৰ পৰিপ্ৰেক্ষিতত জন প্রতিনিধিসকলে তেওঁলোকৰ বৰ্ধিত আশা-আকাংক্ষাসমূহ পূৰণ কৰাৰ বাবে পথৰ সন্ধান কৰিব লাগে বুলিও তেওঁ উল্লেখ কৰে। বহনক্ষম উন্নয়ন আৰু অন্তৰ্ভুক্তিমূলক প্ৰশাসনৰ লক্ষ্যত উপনীত হোৱাত বিধানমণ্ডলসমূহৰ ভূমিকাৰ বিষয়ে উল্লেখ কৰি শ্ৰী বিৰলাই কাৰ্যপালিকাৰ দায়বদ্ধতা আৰু স্বচ্ছতাক নিশ্চিত কৰি চৰকাৰক অধিক দায়বদ্ধ আৰু দক্ষ্য কৰি তুলিব পাৰে বুলি মন্তব্য কৰে। তেওঁ কয় যে, অন্তর্ভুক্তমূলক উন্নয়নৰ পথৰ হেঙাৰ তথা প্ৰত্যাহ্বানসমূহক সমাধান কৰাটো জনপ্রতিনিধি আৰু বিধানমণ্ডল সমূহৰ দায়িত্ব। এই সন্মিলনত বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ ৪৬ গৰাকী সভাপতি, ২৫ অধ্যক্ষ আৰু ১৪ গৰাকী উপাধক্ষই অংশগ্ৰহণ কৰে। এই সন্মিলনৰ মূল বিষয়বস্তু আছিল বহনক্ষমৰ অন্তৰ্ভুক্তিমূলক উন্নয়নত বিধানমণ্ডলৰ ভূমিকা।

অধিক পঢ়ক

সকলো চাওক