July 31, 2024 11:02 AM | Assam Education

printer

বিদ্যালয়ত নতুন শিক্ষক নিযুক্তিত বিশেষ পৰিৱৰ্তনৰ প্ৰক্ৰিয়া আৰম্ভ

শিক্ষা বিভাগে ৰাজ্যৰ বিদ্যালয়সমূহত নতুন শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত বিশেষ পৰিৱৰ্তন অনাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে বুলি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে প্ৰকাশ কৰে। শিক্ষামন্ত্ৰীগৰাকীৰ মতে নতুনকৈ শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত শিক্ষকসকলক বিষয় শিক্ষক হিচাপে নামকৰণ কৰা হ’ব। ইতিমধ্যে শিক্ষা বিভাগে কোন কোন বিষয়ত শিক্ষকৰ নাটনি আছে সেই বিষয়ে শিক্ষামন্ত্ৰীগৰাকীক অৱগত কৰে। শেহতীয়াকৈ শিক্ষা সেতু এপৰ জৰিয়তে এই তথ্য আহৰণ কৰা হৈছে। অনাগত সময়ত শিক্ষক নিযুক্তি পৰীক্ষা জৰিয়তে খালী পদসমূহত শিক্ষক নিযুক্তি দিয়াৰ কথা শিক্ষামন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

অধিক পঢ়ক

সকলো চাওক