ডাউনলোড
মোবাইল এপ

android apple
signal

December 5, 2024 12:49 PM | S Jaishankar-Quwait

printer

বিদেশ পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰৰে কুৱেটৰ বিদেশ মন্ত্ৰী আব্দুলা আলী অল-য়াহয়াৰ বৈঠক

বিদেশ পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে কালি নতুন দিল্লীত কুৱেটৰ বিদেশ মন্ত্ৰী আব্দুলা আলী অল-য়াহয়াৰ সৈতে দেশ দুখনৰ মাজৰ বিভিন্ন ক্ষেত্ৰত থকা সম্পৰ্কৰ বিষয়ে আলোচনা কৰাৰ লগতে উভয় দেশৰ সম্বন্ধক অধিক শক্তিশালী কৰাৰ উপায় সন্দৰ্ভতো আলোচনাত মিলিত হয়। নেতা দুগৰাকীয়ে শেহতীয়াকৈ পশ্চিম এছিয়াত হোৱা উন্নয়নমূলক গতিবিধি আৰু গালফ সহযোগিতা পৰিষদৰ ক্ষেত্ৰত ভাৰতৰ সহযোগিতা সন্দৰ্ভতো মত বিনিময় কৰে ৷ তেওঁলোকে সহযোগিতাৰ বাবে বিদেশমন্ত্ৰী পৰ্যায়ৰ এখন যুটীয়া আয়োগ গঠন সন্দৰ্ভত বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। বৈঠকত শ্ৰীজয়শংকৰে কয়, যে ব্যৱসায়, বাণিজ্য, বিনিয়োগ, শক্তি, তথ্যপ্রযুক্তি আৰু সংস্কৃতি আদি বিভিন্ন ক্ষেত্ৰত কুৱেটৰ সৈতে থকা দ্বিপাক্ষিক সম্বন্ধক অধিক শক্তিশালী কৰি তোলাৰ বাবে ভাৰত প্ৰতিশ্ৰুতিবদ্ধ। তেওঁ কয়, যে ভাৰত আৰু কুৱেটৰ মাজত দীৰ্ঘদিনীয়া সু-সম্পর্ক আছে। ২০৪৭ চনৰ ভিতৰত ভাৰতৰ বিকশিত ভাৰত আৰু ২০৩৫ চনৰ ভিতৰত কুৱেটৰ নতুন কুৱেট দৃষ্টিভংগীয়ে দেশ দুখনক উন্নতিৰ নতুন শিখৰলৈ লৈ যাব বুলিও তেওঁ উল্লেখ কৰে। তেওঁ লগতে কয়, যে কুৱেটত থকা ভাৰতীয়মূলৰ লোকসকলে দেশ দুখনৰ মাজৰ সেঁতু হিচাপে কাম কৰি আছে। এটা বক্তব্যত কুৱেটৰ বিদেশ মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ভাৰত কুৱেটৰ এখন অতি গুৰুত্বপূৰ্ণ বন্ধু ৰাষ্ট্ৰ। তেওঁ লগতে খাদ্য সুৰক্ষা আৰু চাইবাৰ সুৰক্ষা উভয় দেশৰ বাবে গুৰুত্বপূৰ্ণ বিষয় বুলিও মত প্রকাশ কৰে ।

অধিক পঢ়ক

সকলো চাওক