বিত্তীয় খেলিমেলি আৰু দুৰ্নীতিৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকে বেংকিং আইন ১৯৫৪ৰ অধীনত দেশৰ ভিন্ন পান্তৰ ১১ টাকৈ বেংক প্ৰতিষ্ঠানৰ অনুজ্ঞাপত্ৰ বাতিল কৰিছে। ইয়াৰে ভিতৰত বিগত সময়ছোৱাত বিভিন্ন বিত্তীয় কেলেংকাৰীত নাম সাঙুৰ খোৱা তেজপুৰৰ মহাভৈৰব কো অপাৰেটিভ আৰবান বেংক লিমিটেড নামৰ বিত্তীয় প্ৰতিষ্ঠানটোৰো ৰিজাৰ্ভ বেংকে অনুজ্ঞা পত্র বাতিল কৰিছে। উল্লেখযোগ্য যে প্রতিষ্ঠানটোৰ একাংশ প্রাক্তন পৰিচালক, কৰ্মচাৰী আৰু ধন সংগ্ৰাহকে গ্ৰাহকৰ পৰা কোটি টকা আত্মসাতৰ অভিযোগ উপস্থিত হৈছিল। অভিযোগসমূহ পৰীক্ষা কৰাৰ পাছত প্ৰায় ১১ কোটি টকাৰ কেলেংকাৰীৰ তথ্য লাভ কৰি প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে ৰিজাৰ্ভ বেংকে এই ব্যৱস্থা গ্ৰহণ কৰিছে। ২০২৩ চনতে তেজপুৰ উকীল সন্থাই বিত্তীয় প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে আৰক্ষী ওচৰত এজাহাৰ দাখিল কৰিছিল যদিও আৰক্ষীয়ে কেৱল গোচৰটো ৰুজু কৰিয়ে দায়িত্ব সামৰিছিল।
Site Admin | January 5, 2025 11:08 AM | RBI
বিত্তীয় খেলিমেলি আৰু দুৰ্নীতিৰ বাবে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ দ্বাৰা ১১ টাকৈ বেংক প্ৰতিষ্ঠানৰ অনুজ্ঞাপত্ৰ বাতিল
