বি টি আৰ এলেকা সেউজীয়া কৰাৰ লক্ষ্যৰে কালি বিটিচি সচিবালয়ৰ চৌহদত আয়োজিত এটা অনুষ্ঠানত বিটিচিৰ মুখ্য কাৰ্যবাহী প্রমোদ বড়োৱে গ্ৰীণ বড়োলেণ্ড মিছন নামেৰে এখন আঁচনি মুকলি কৰে। বড়োলেণ্ড এলেকাত থকা ৩৪ শতাংশ বনাঞ্চলৰ পৰা ধবংস হোৱা ১৪ শতাংশ বনাঞ্চলৰ পুনৰ সেউজকৰণৰ লগতে এই আঁচনিৰ জৰিয়তে বড়োলেণ্ডৰ বিস্তীর্ণ অঞ্চলত গছপুলি ৰোপণ আৰু ১০০ বৰ্গ কিলোমিটাৰ এলেকাক বনাঞ্চল হিচাপে ঘোষণা কৰা হ’ব। অহা তিনি বছৰৰ ভিতৰত বি টি আৰত এবাৰ ব্যৱহৃত প্লাষ্টিক সম্পূৰ্ণৰূপে বন্ধ কৰাৰ লক্ষ্য লোৱা বুলি উল্লেখ কৰি বিটিচিৰ মুখ্য কাৰ্যবাহীগৰাকীয়ে তাৎক্ষণিকভাৱে প্ৰযোজ্য হোৱাকৈ বি টি আৰ সচিবালয়ত প্লাষ্টিকৰ পানীৰ বটল আৰু এবাৰ ব্যৱহৃত পলিথিন বেগ নিষিদ্ধ কৰাৰ কথা ঘোষণা কৰে। আনহাতে এই আঁচনিৰ অধীনত অহা ১০ বছৰত ভূ-গৰ্ভৰ পানীৰ ব্যৱহাৰো সম্পূৰ্ণৰূপে বন্ধ কৰাৰ লক্ষ্য লোৱা হৈছে বুলিও শ্রী বড়োৱে জানিবলৈ দিয়ে। উল্লেখযোগ্য যে, গ্রীণ বড়োলেণ্ড মিছনৰ বাবে বি টি আৰৰ বাজেটত ১৬ কোটি টকা ধাৰ্য কৰা হৈছে আৰু প্ৰাৰম্ভিক পৰ্যায়ত ইয়াৰে তিনি কোটি টকা ইতিমধ্যে মোকলাই দিয়া হৈছে।
Site Admin | June 16, 2024 1:10 PM | BTR
বিটিচিৰ মুখ্য কাৰ্যবাহী প্রমোদ বড়োৰ গ্ৰীণ বড়োলেণ্ড মিছন আঁচনি মুকলি
