ডাউনলোড
মোবাইল এপ

android apple
signal

বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীসকলৰ দুদিনীয়া সন্মিলনৰ সামৰণি

তুন দিল্লীত অনুষ্ঠিত বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীসকলৰ দুদিনীয়া সন্মিলন-মুখ্যমন্ত্ৰী পৰিষদৰ আজি সামৰণি পৰে। সন্মিলনৰ আজিৰ সামৰণি সত্ৰক সম্বোধি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, যেতিয়া জনসাধাৰণৰ কল্যাণৰ হকে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহে সহযোগিতাৰে শক্তিশালী ৰূপত কাম কৰে তেতিয়া বিকশিত ৰাষ্ট্ৰৰ লক্ষ্যত নিশ্চয়কৈ উপনিত হ’ব পৰা যাব। বিজেপিৰ সুশাসন কোষৰ সমন্বয়ক বিনয় সহস্রবুদ্ধেই আজি এখন প্ৰেছ বিজ্ঞপ্তিত এই কথা প্রকাশ কৰে। তেওঁ কয় যে, ঐতিহ্যৰ উন্নয়নৰ লগতে ঐতিহ্য সৃষ্টি কৰা, এই দুয়োটাৰে বিকশিত ভাৰতৰ ধাৰণাত বিশেষ গুৰুত্ব আছে বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰিছে। এই দিশটো আমি সকলোৱে সদায় মনত ৰাখিব লাগিব বুলিও প্রধামন্ত্রীয়ে কয় বুলি শ্রী সহস্রবুদ্ধেই প্ৰকাশ কৰে। এই বৈঠকত প্রধানমন্ত্ৰীৰ উপৰি বিজেপিৰ সভাপতি জে পি নাড্ডা, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, গৃহমন্ত্রী অমিত শ্বাহ আৰু বিজেপি অন্যান্য নেতাসকল উপস্থিত থাকে। মুখ্যমন্ত্ৰী পৰিষদত বিজেপি শাসিত ১৩খন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু ১৫ গৰাকী উপ-মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে, বিজেপিৰ সুশাসনৰ কাৰ্যসূচীৰ অধীনত সময়ে সময়ে এনে বৈঠক অনুষ্ঠিত কৰা হৈছিল আৰু চলিত বৰ্ষত এইখন হৈছে এনেধৰণৰ দ্বিতীয়খন বৈঠক।

অধিক পঢ়ক

সকলো চাওক