ডাউনলোড
মোবাইল এপ

android apple
signal

May 6, 2024 8:30 PM | PM Modi

printer

বিজেপি দল শাসনলৈ আহিলে ওড়িশাৰ সৰ্বাঙ্গীন প্রগতি নিশ্চিত বুলিও প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে বিজেপি দলে সদায়ে সু-শাসনত গুৰুত্ব আৰোপ কৰি আহিছে। আজি ওড়িশাৰ গঞ্জম জিলাৰ বেৰহামপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত‍ কানিশিত এখন জনসভাক সম্বোধন কৰি শ্ৰীমোদীয়ে এইদৰে কয়। তেওঁ লগতে উত্তৰ প্ৰদেশ, অসম, ত্ৰিপুৰা আৰু ছট্টিশগড়ৰ উদাহৰণ দি কয় যে এই ৰাজ্যসমূহত বিজেপি শাসনলৈ উভতি অহাৰ পাছত সামগ্রিকভাৱে যথেষ্ট উন্নতি সাধন হৈছে। বিজেপি দল শাসনলৈ আহিলে ওড়িশাৰ সৰ্বাঙ্গীন প্রগতি নিশ্চিত বুলিও শ্রীমোদীয়ে লগতে কয়। ওড়িশাৰ নৱৰংপুৰ জিলাৰ ছিকিলি খেলপথাৰত আন এখন সভাত অংশগ্ৰহণ কৰি শ্ৰীমোদীয়ে কয় যে, দুৰ্নীতি আৰু ৰাজহুৱা ধনৰ অপব্যৱহাৰক কোনোপধ্যেই প্রশ্রয় দিয়া নহ’ব। বিৰোধী পক্ষসমূহে সময়ে সময়ে বিভিন্ন অসত্য অভিযোগ উত্থাপন কৰি থাকিলেও, তেওঁ দৰিদ্ৰসকলৰ হকে কাম কৰি যাবলৈ বদ্ধপৰিকৰ বুলিও শ্রীমোদীয়ে উল্লেখ কৰে । উল্লেখযোগ্য যে, লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছত এয়া হৈছে শ্রীমোদীৰ প্ৰথমটো ওড়িশা ভ্রমণ। ৰাজ্যখনত অহা ১৩ মে’ৰ পৰা চাৰিটা পৰ্যায়ত সমান্তৰালভাৱে লোকসভা আৰু বিধানসভা নির্বাচন অনুষ্ঠিত হ’ব।

 

অধিক পঢ়ক

সকলো চাওক