April 9, 2024 8:03 PM | PM

printer

বিজেপি চৰকাৰে সবকা সাথ-সবকা বিকাশৰ মন্ত্ৰ অনুসৰণ কৰি দেশৰ প্ৰতিখন চহৰ আৰু গাওঁক অগ্ৰাধিকাৰ প্ৰদান কৰি আহিছে বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, এইবাৰৰ লোকসভা নিৰ্বাচন একবিংশ শতিকাৰ ভাৰতবৰ্ষৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ নিৰ্বাচন ৰূপে বিবেচিত হৈছে। শ্রীমোদীয়ে আজি মধ্য প্ৰদেশৰ বালাঘাটত এখন নির্বাচনী সভাত ভাষণ দি এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে, এইবাৰৰ নিৰ্বাচন অকল নির্বাচনেই নহয় বৰং নতুন ভাৰত গঢ়াৰ অভিযান। তেওঁ কয় যে বিজেপি চৰকাৰে সবকা সাথ-সবকা বিকাশৰ মন্ত্ৰ অনুসৰণ কৰি দেশৰ প্ৰতিখন চহৰ আৰু গাওঁক অগ্ৰাধিকাৰ প্ৰদান কৰি আহিছে। আন্তঃগাথনিৰ উন্নয়নৰ কথা উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে, আমাৰ চৰকাৰে দেশত অত্যাধুনিক আন্তঃগাথনি বিকশাই তোলাৰ বাবে কোটি কোটি টকা ব্যয় কৰিছে। তেওঁ কয় যে বিজেপিয়ে পূৰ্বৰ চৰকাৰৰ দিনত আনকি নিজৰ পৰিচয়ৰ পৰা বঞ্চিত হোৱা সমাজৰ দলিত-পিছপৰা-জনজাতীয় লোকৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি আহিছে। তেওঁ কয় যে কংগ্ৰেছে গোবিন্দ গুৰুৰ দৰে বিপ্লৱী এগৰাকীকো স্বাধীনতা যুজাৰু মৰ্যাদা প্ৰদান কৰা নাছিল। বৰ্তমান চৰকাৰে গোবিন্দ গুৰুৰ স্বাধীনতা সংগ্ৰামী মর্যাদা প্ৰদান কৰিছে বুলি শ্রীমোদীয়ে উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে, বিজেপি চৰকাৰে তান্ত্যা মামালৈ সন্মান প্ৰদৰ্শন কৰিছে আৰু ভগৱান বিছা মুণ্ডাৰ জয়ন্তী উপলক্ষে প্ৰথমবাৰৰ বাবে জনজাতীয় গৌৰৱ দিৱস আৰম্ভ কৰিছে। দেশৰ বিদেশ নীতিৰ সাফল্যৰ কথা উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে, পূর্বতে কংগ্ৰেছ চৰকাৰে নিজৰ অভিযোগ লৈ আন দেশৰ ওচৰলৈ গৈছিল আৰু বৰ্তমান সময় সলনি হৈছে আৰু বিশ্বৰ ডাঙৰ ডাঙৰ দেশেও নিজৰ বিষয় সম্পর্কে আলোচনা কৰাৰ বাবে ভাৰতলৈ আহিবলৈ লৈছে। দেশৰ এই স্থিতি প্ৰত্যক্ষ কৰি প্ৰতিগৰাকীৰ মনোবল বৃদ্ধি পাইছে বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে।

অধিক পঢ়ক

সকলো চাওক