April 28, 2024 12:21 PM | Amit Shah

printer

বিজেপি চৰকাৰে পুনৰ ক্ষমতালৈ অহাৰ পাছত উমৈহতীয়া দেৱানী বিধি ৰূপায়ণ কৰিবঃ অমিত শ্বাহ

বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহে কালি গুজৰাটৰ পোৰবন্দৰ, ভাৰুছ আৰু পঞ্চমহলত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। পঞ্চমহলত এখন নির্বাচনী সভাক সম্বোধন কৰি শ্ৰীশ্বাহে কয় যে, বিজেপি চৰকাৰে পুনৰ ক্ষমতালৈ অহাৰ পাছত উমৈহতীয়া দেৱানী বিধি ৰূপায়ণ কৰিব। তেওঁ কয় যে, বিজেপি চৰকাৰে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশক সন্ত্ৰাসবাদৰ পৰা মুক্ত কৰিছে। বিজেপি চৰকাৰ দুখীয়া আৰু উপান্ত শ্ৰেণীৰ লোককে ধৰি সমাজৰ সকলো বৰ্গৰ উন্নয়নৰ প্ৰতি বদ্ধপৰিকৰ। ভাৰুছৰ নিৰ্বাচনী সভাত অংশ লৈ শ্ৰীশ্বাহে কয় যে, বিজেপি চৰকাৰে অকল দেশৰ জনজাতীয় লোকসকলৰ বাবে বাজেটত আৱণ্টন দিয়া ধনৰ পৰিমাণ বৃদ্ধি কৰাই নহয় বৰং তেওঁলোকৰ বাবে শিক্ষা আৰু স্বাস্থ্য সুবিধাও বৃদ্ধি কৰিছে। তেওঁ লগতে বিজেপি চৰকাৰে জনজাতীয় লোকৰ মৌলিক অধিকাৰ কাঢ়ি নলয় বুলি জনসাধাৰণক আশ্বাস দিয়ে। ইপিনে কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰাই কালি গুজৰাটৰ ৱালচাদ জিলাৰ ধৰ্মপুৰত এটা সমাবেশত ভাগ লয়। শ্ৰীমতী গান্ধীয়ে বিজেপি চৰকাৰে বিগত ১০ বছৰত দুখীয়া আৰু জনজাতীয় লোকৰ সৈতে অন্যায় কৰা বুলি অভিযোগ তোলে। তেওঁ কয় যে, কংগ্ৰেছ চৰকাৰ ক্ষমতালৈ আহিলে ই জনজাতীয় লোকৰ বাবে বিশেষ বাজেট আৱণ্টন কৰিব আৰু দুখীয়া, কৃষক তথা নিপীড়িতসকলৰ কল্যাণৰ হকে কাম কৰিব।

অধিক পঢ়ক

সকলো চাওক