October 16, 2024 8:30 PM | PM Modi

printer

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ উপস্থিতিত সক্রিয় সদস্যতা অভিযান প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা শুভাৰম্ভ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ উপস্থিতিত সক্রিয় সদস্যতা অভিযানৰ শুভাৰম্ভ কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজকে বিজেপি দলৰ প্ৰথমজন সক্রিয় সদস্য হোৱা বাবে দলটোৰ এজন কৰ্মী হিচাপে গৌৰৱ প্ৰকাশ কৰে। সক্ৰিয় সদস্যতা অভিযানে বিজেপিক তৃণমূল পৰ্য্যায়ত অধিক শক্তিশালী কৰাৰ লগতে ৰাষ্ট্ৰ নিৰ্মাণত দলৰ কাৰ্য্যকৰ্তাৰ সক্রিয় অংশগ্ৰহণ নিশ্চিত কৰিব বুলিও শ্রীমোদীয়ে উল্লেখ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, দলৰ এজন সক্রিয় সদস্য হ’বলৈ এগৰাকী কাৰ্য্যকৰ্তাই এটা বুথত বা এটা বিধানসভা সমষ্টিত ৫০ জন লোকক দলৰ সদস্য হিচাপে পঞ্জীয়ন কৰাব লাগিব। এনে সক্রিয় সদস্যই দলৰ মণ্ডল কমিটি অথবা অন্য দলীয় কমিটিৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ বাবে যোগ্য বিবেচিত হ’ব আৰু ভৱিষ্যতে দলৰ বাবে কাম কৰিবলৈ বহুতো সুযোগ লাভ কৰিব বুলিও সামাজিক মাধ্যমৰ পোষ্টত প্ৰকাশ কৰে ।

অধিক পঢ়ক

সকলো চাওক