September 11, 2024 1:19 PM | BJP | Political

printer

বিজেপিৰ ৰাষ্ট্ৰজোৰা সদস্যভর্তি অভিযানৰ অধীনত মাত্র ৮ দিনৰ ভিতৰত ২ কোটিৰো অধিক নতুন সদস্য অন্তৰ্ভুক্ত

ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰজোৰা সদস্যভর্তি অভিযানৰ অধীনত মাত্র ৮ দিনৰ ভিতৰতে ২ কোটিৰো অধিক নতুন সদস্য দলত অন্তৰ্ভুক্ত হৈছে। প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ২ ছেপ্তেম্বৰত সদস্য-পদ গ্রহণ কৰি এই অভিযানৰ আৰম্ভ কৰিছিল। বিজেপিৰ সাধাৰণ সম্পাদক বিনোদ টাওড়েই এটা বিবৃতিযোগে কৈছে যে দলৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডা, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আৰু দলৰ সাংগঠনিক সাধাৰণ সম্পাদক এন সন্তোষে সুকীয়া সুকীয়াকৈ উত্তৰ প্ৰদেশ, বিহাৰ, ছত্তিশগড়, মধ্য প্রদেশ, ওড়িশা, কর্ণাটক, তামিলনাড়ু, গুজৰাট আৰু ৰাজস্থানৰ কার্যকর্তাৰ সৈতে সদস্যভর্তি অভিযানৰ পৰ্যালোচনা চলাইছে। শ্রীটাওড়েই কয় যে বৈঠকত মহিলা, সীমান্তৱৰ্ত্তী গাঁও আৰু দুর্গম পাহাৰীয়া অঞ্চলসমূহলৈ সদস্য-ভর্তি অভিযান সফলতাৰে সম্প্রসাৰিত কৰাৰ বাবে ল’বলগীয়া ৰণনীতিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। তেওঁ লগতে কয় যে অন্য ৰাজ্যসমূহৰ সৈতেও শীঘ্ৰে আলোচনা অনুষ্ঠিত হ’ব।

অধিক পঢ়ক

সকলো চাওক