বিজেপিৰ হকে প্ৰচাৰ চলোৱাৰ বাবে ওড়িশালৈ ৰাওনা ড° হিমন্ত বিশ্ব শর্মা

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্রহণৰ অন্তত পৰৱৰ্তী ৪টা পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ড° হিমন্ত বিশ্ব শর্মা আজি বিজেপিৰ হকে প্ৰচাৰ চলোৱাৰ বাবে ওড়িশালৈ যাব। ড° শৰ্মাই নৱৰংগপুৰ লোকসভা সমষ্টিৰ মলকানগিৰিত এখন জনসভাক সম্বোধন কৰিব। পাছত তেওঁ চিত্রাকোন্দা আৰু খল্লিকোটত দলীয় প্রার্থীৰ হকে প্ৰচাৰ চলাব। ইপিনে, বিজেপিৰ জ্যেষ্ঠ নেতা তথা ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই আজি বিয়লি উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ, উন্নাও, মোহনলাল গঞ্জ আৰু বায়বৰেলি সংসদীয় সমষ্টিৰ দলীয় কৰ্মীসকলৰ সৈতে বৈঠকত মিলিত হ’ব। তেওঁ লগতে চতুর্থ পৰ্যায়ত সামৰি ল’বলগীয়া সমষ্টিসমূহৰ বিধায়ক আৰু বিধায়িনী পৰিষদৰ সদস্যসকলৰ সৈতেও আলোচনাত মিলিত হ’ব। এই বৈঠকৰ পূৰ্বে বিজেপি নেতাগৰাকীয়ে চিত্রকূট আৰু ফতেহপুৰ জিলাত নির্বাচনী সভাত ভাগ ল’ব ৷ আনহাতে, সমাজবাদী পাৰ্টীৰ মুৰববী অখিলেশ যাদৱে আজি বাহৰেইচ, ধৌৰাহৰা আৰু লখিমপুৰ খেৰীত প্ৰচাৰ চলাব। একেদৰে বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় মন্ত্রী অমিত শ্বাহে আজি তেলেংগানাৰ ভোনগিৰ লোকসভা সমষ্টিৰ দলীয় প্রার্থী ড° বুৰানৰশ্বেইহা গৌড়ৰ হকে প্ৰচাৰ চলাব। কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ৱাদ্ৰাই আজি উত্তৰ প্ৰদেশৰ ৰায়ববেলিত নির্বাচনী প্ৰচাৰত ভাগ ল’ব। একেদৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা বাহুল গান্ধীয়ে আজি অন্ধ্ৰ প্ৰদেশৰ নৰ্ছাপুৰ আৰু তেলেংগনাৰ ছৰুৰ নগৰত প্ৰচাৰ চলাব ৷ বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্রী নবেন্দ্ৰ মোডীয়ে কালি তেলেংগানাৰ কৰিমনগৰ আৰু ৱাৰাংগলত নির্বাচনী সমাবেশত আৰু অন্ধ্ৰ প্ৰদেশৰ ৰাজমপেট আৰু বিজয়ৱাড়াত ৰোড শ্ব’ত ভাগ লয়। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে তেলেংগানাৰ কৰিমনগৰ লোকসভা সমষ্টিৰ ভেমুল্লাবাড়াত স্থানীয় প্রার্থী তথা বিজেপিৰ সাধাৰণ সম্পাদক বান্দি সঞ্জয় কুমাৰৰ হকে এখন জনসভাত প্ৰচাৰ চলায়। প্রধানমন্ত্রীয়ে বি আৰ এছ আৰু তেলেংগানাৰ কংগ্ৰেছ চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰাৰ লগতে কংগ্ৰেছৰ পৰিয়াল প্রথম নীতিৰ বিপৰীতে বিজেপিয়ে বাষ্ট্র প্রথম নীতিত গুৰুত্ব আৰোপ কৰি আহিছে বুলি মন্তব্য কৰে। ইপিনে, বিজেপিৰ জ্যেষ্ঠ নেতা তথা গৃহমন্ত্রী অমিত শ্বাহে কালি মহাৰাষ্ট্ৰৰ জালনাত এখন জনসভাত ভাষণ দিয়ে। ভাষণ প্রসঙ্গত গৃহমন্ত্ৰীগৰাকীয়ে দেশৰ সুৰক্ষা, সমৃদ্ধি আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত মর্যাদা বৃদ্ধিৰ ক্ষেত্ৰত প্রধানমন্ত্রী নবেন্দ্ৰ মোডীৰ ভূমিকাৰ আলোকপাত কৰে । মহা মিত্ৰজোঁটৰ আৰ জে ডি, কংগ্ৰেছ আৰু বাওঁ দলৰ নেতাসকলেও কালি বিহাৰত নির্বাচনী সভাত ভাগ লয় আৰু ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে ঘৰে ঘৰে গৈ প্ৰচাৰ চলায়। আৰ জে ডিৰ নেতা তেজস্বী প্ৰসাদ যাদৱে কাবাকাট সংসদীয় সমষ্টিত অকোঢ়ীগোলাত এখন জনসভাত ভাষণ দিয়ে। শ্রীযাদৱে প্রধানমন্ত্রী নবেন্দ্ৰ মোডীয়ে ভাল দিনৰ নামত জনসাধাৰণৰ সৈতে বিশ্বাসঘাটকতা কৰা বুলি অভিযোগ তোলে। তেওঁ কয় যে কেন্দ্ৰত এন ডি এ চৰকাৰৰ ১০ বছৰ শাসন কালৰ পাছত নিবনুৱা সমস্যা বৃদ্ধি পাইছে।

অধিক পঢ়ক

সকলো চাওক