বিজেপিৰ সদস্যভৰ্তি অভিযানৰ অধীনত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সদস্যপদ নবীকৰণ কৰি অসমতো এই অভিযানৰ আৰম্ভণি কৰে

ভাৰতীয় জনতা পাৰ্টীয়ে দেশজুৰি আৰম্ভ কৰা সদস্যভৰ্তি অভিযানৰ অধীনত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আজি সদস্যপদ নবীকৰণ কৰি অসমত এই অভিযানৰ আৰম্ভণি কৰে। সেই অনুসৰি আজি সাধাৰণ সম্পাদক তথা সদস্যভর্তি অভিযান, ২০২৪-ৰ আহ্বায়ক পল্লৱলোচন দাসৰ তত্বাৱধানত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত আয়োজিত এটা অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে দলৰ সভাপতি ভৱেশ কলিতাৰ পৰা সদস্যপদ গ্রহণ কৰে।Image এই অনুষ্ঠানত কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা, গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধি, মন্ত্ৰী জয়ন্ত মল্লবৰুৱাকে ধৰি ৫ শতাধিক কার্যকর্তা উপস্থিত থাকে। সদস্যপদ গ্রহণ কৰি মুখ্যমন্ত্ৰী শ্ৰী শৰ্মাই বিজেপি মূলতঃ কার্যকৰ্তাৰ ওপৰত নিৰ্ভৰশীল বুলি উল্লেখ কৰি তেওঁলোকৰ শক্তিয়ে দলটোক প্ৰাণৱন্ত কৰি ৰাখিছে বুলি মন্তব্য কৰে।

Image বিজেপি বুলি ক’লে তৃণমূল পৰ্যায়ৰ পৰা কৰ্ম কৰি প্ৰধানমন্ত্ৰীৰ পদবীলৈকে যাব পৰা তথা নিজকে ৰাষ্ট্ৰৰ হকে উচৰ্গা কৰা একোজন ব্যক্তিৰ ছবি সকলোৰে সন্মুখলৈ আহে বুলি তেওঁ কয়। দলটোৰ প্ৰতিগৰাকী সদস্যই ভাৰত মাতাৰ প্ৰতি সমর্পিত কার্যকর্তা বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে এই বিশেষত্বই দলটোক আজি বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দলত পৰিণত কৰিছে।

অধিক পঢ়ক

সকলো চাওক