ডাউনলোড
মোবাইল এপ

android apple
signal

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ মুম্বাই, পালঘৰ আৰু পুনেত দলৰ হৈ  নিৰ্বাচনী প্ৰচাৰ

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কালি মুম্বাই, পালঘৰ আৰু পুনেত দলৰ হৈ প্ৰচাৰ চলায়। প্ৰচাৰ কালত তেওঁ কংগ্ৰেছে প্ৰায় ৫০ বছৰ দেশ শাসন কৰা স্বত্বেও ভাৰতৰত্ন ড০ বি আৰ আম্বেদকাৰক যোগ্য সন্মান দিয়া নাছিল বুলি মন্তব্য কৰে। জাতিগত পিয়ল সন্দৰ্ভত কংগ্ৰেছ নেতা ৰাহুল গান্ধীক সমালোচনা কৰি শ্ৰী সিঙে কয়, যে কংগ্ৰেছ নেতাগৰাকীয়ে এই বিষয়বোৰক লৈ জনসাধাৰণৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে আৰু ভোটদাতাসকলক আভুৱা-ভাঁৰাৰ চেষ্টা চলাইছে। পালঘৰত বিজেপি প্রার্থীৰ হৈ প্ৰচাৰ চলাই তেওঁ কয়, যে মহাৰাষ্ট্ৰৰ ঝাৰখণ্ডত বিজেপিয়ে যি ধৰণৰ জন সমৰ্থন লাভ কৰিছে তাৰ পৰা ৰাজ্য দুখনত এন ডি এ চৰকাৰ গঠন হোৱাটো নিশ্চিত হৈ পৰিছে। তেওঁ কয়, যে কংগ্ৰেছ চৰকাৰে সদায় দৰিদ্ৰতা দূৰীকৰণৰ শ্লোগান দি আহিছে যদিও প্রায় ৫০ বছৰ পৰ্যন্ত ৰাজ্য আৰু কেন্দ্ৰত শাসনত থকা স্বত্বেও দলটো দৰিদ্ৰতা দূৰ কৰিব পৰা নাই। শ্ৰী সিঙে কয়, যে পূৰ্বতে মহিলাসকলৰ বাবে অকল জিলা পঞ্চায়ত, নগৰ পঞ্চায়ত আৰু নগৰ পালিকাতহে আসন সংৰক্ষণৰ ব্যৱস্থা আছিল যদিও মোদী চৰকাৰে সংসদত নাৰী শক্তি বন্দনা বিধেয়ক গ্ৰহণ কৰি সংসদ আৰু বিধানসভাত ৩৩ শতাংশ আসন সংৰক্ষণৰ পথ প্ৰশস্ত কৰিছে। পাছত পুনেত এখন নির্বাচনী সভাত ভাগ লৈ কংগ্ৰেছে ৰাজনীতিত বিশ্বাস যোগ্যতাৰ সংকটৰ সৃষ্টি কৰিছে আৰু দলটোৱে ভোটৰ খাতিৰত সামাজিক পৰিকাঠামোৰ ক্ষতিসাধনৰ বাবে যিকোনো পৰ্যায়লৈ যাব পাৰে বুলি শ্ৰী সিঙে অভিযোগ তোলে।

অধিক পঢ়ক

সকলো চাওক