কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহৰ ভুৱা ভিডিঅ’ প্ৰচাৰৰ সন্দৰ্ভত দিল্লী আৰক্ষীয়ে জাননী জাৰি কৰিছে। দিল্লী আৰক্ষী কালি প্ৰদেশ কংগ্ৰেছৰ কাৰ্যালয়, গান্ধী ভৱনলৈ গৈ আইনী কোষৰ অধ্যক্ষ ৰামচন্দ্ৰ ৰেড্ডীক জাননী জাৰি কৰে। নতুন দিল্লী আৰক্ষীৰ উপ-আয়ুক্তৰ কাৰ্যালয়ৰ দুগৰাকী বিষয়াই প্ৰদেশ কংগ্ৰেছৰ সামাজিক মাধ্যমৰ আহ্বায়ক মান্নে সতীশ, দলৰ মুখপাত্র আছমা তাছলীম, সম্পাদক শিৱকুমাৰ আম্বালা আৰু আন এজন নেতা নবীনলৈ জাননী জাৰি কৰে। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীয়ে কৈছে যে সামাজিক মাধ্যমত প্ৰচাৰিত শ্ৰী শ্বাহৰ ভিডিঅ’ৰ সৈতে জড়িত তদন্তক লৈ দিল্লী আৰক্ষীয়ে জাননী জাৰি কৰাক লৈ তেওঁ ভয় নকৰে। বিজেপিয়ে ৰাজনৈতিক লাভালাভৰ বাবে বিধি বলৱৎকাৰী সঞ্চালকালয়, কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা, দিল্লী আৰক্ষী আদিৰ দৰে সংস্থাক ব্যৱহাৰ কৰিছে বুলি ৰেড্ডীয়ে দাবী কৰিছে।
Site Admin | April 30, 2024 5:48 PM
বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহৰ ভুৱা ভিডিঅ’ প্ৰচাৰ সন্দৰ্ভত দিল্লী আৰক্ষীৰ জাননী জাৰি
