বিজেপিক পুনৰ শাসনভাৰৰ দায়িত্ব দিয়াৰ বাবে অৰুণাচল প্ৰদেশৰ জনসাধাৰণলৈ প্ৰধানমন্ত্ৰীৰ কৃতজ্ঞতা

অৰুণাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে ৬০টা সমষ্টিৰ ৪৬টাতে বিজয়ী হৈ একক সংখ্যাগৰিষ্ঠতা লাভ কৰি পুনৰ এবাৰ শাসনভাৰ গ্ৰহণৰ বাবে সাজু হৈছে। ইফালে, NPEP ৫খন, NCP ৩খন, PPAয়ে ২খন, কংগ্ৰেছে এখন আৰু নিৰ্দলীয়ই তিনিখন আসন লাভ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অৰুণাচল প্ৰদেশৰ জনসাধাৰণক বিজেপিৰ প্ৰতি আস্থা প্ৰকাশ কৰি পুনৰ শাসনভাৰৰ দায়িত্ব দিয়াৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। বিজেপিৰ সভাপতি জগত প্ৰকাশ নাড্ডাই এই জয়ৰ বাবে অৰুণাচল প্ৰদেশৰ জনসাধাৰণক কৃতজ্ঞতা জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীনাড্ডাই কয় যে, এই জয় হৈছে ৰাজ্যবাসীৰ এখন সমৃদ্ধিশালী আৰু উন্নত অৰুণাচল প্ৰদেশ কামনাৰ প্ৰতিফলন। শ্ৰীনাড্ডাই প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ প্ৰশংসা কৰি কয় যে, বিজেপি, বিকশিত ভাৰত আৰু বিকশিত অৰুণাচলৰ দৃষ্টিভংগীক সম্পূৰ্ণ কৰি তোলাৰ বাবে প্রতিশ্রুতিবদ্ধ। তেওঁ লগতে এই জয়ৰ বাবে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, ৰাজ্যখনৰ বিজেপিৰ মুৰব্বী বিয়ুৰাম ৱাগেফৰকে ধৰি দলৰ কার্যকর্তাসকলক ধন্যবাদ জ্ঞাপন কৰে।

অধিক পঢ়ক

সকলো চাওক