শাৰদীয় দুর্গোৎসৱৰ আজি বিজয়া দশমী উপলক্ষে গুৱাহাটী মহানগৰ যানবাহন আৰক্ষীয়ে বাহন চলাচলৰ ক্ষেত্ৰত আজি আৰু কাইলৈ কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি আজি পুৱা ১০ বজাৰ পৰা প্ৰতিমা বিসর্জন সমাপ্ত নোহোৱালৈকে কেইটামান পথ সম্পূৰ্ণ ৰূপে সাধাৰণ জনতাৰ বাবে বন্ধ থাকিব। আনহাতে, প্রতিমা কঢ়িওৱা বাহন সমূহ গুৱাহাটী ক্লাবৰ পৰা এম চি পথ হৈ উচ্চ ন্যায়ালয়ৰ কাষেৰে লাচিত ঘাটলৈ যাব পাৰিব। আনহাতে, টকৌবাৰী, পল্টন বজাৰ, উলুবাৰী, ৰিহাবাৰী দিশৰ পৰা অহা বাহন সমূহ আৰ্য নগৰ-এ কে আজাদ পথ হৈ নেপালী মন্দিৰ গধূলি বজাৰ-পানবজাৰ হৈ লাচিত ঘাটত বিসৰ্জনৰ বাবে যাব পাৰিব। একেদৰে, গণেশগুৰি, দিছপুৰ, কাহিলিপাৰা আদি অঞ্চলৰ পৰা প্ৰতিমা বিসৰ্জনৰ বাবে যোৱা বাহন সমূহ আৰ জি বৰুৱা পথ, চানমাৰি, গুৱাহাটী ক্লাব হৈ লাচিত ঘাটলৈ যাব পাৰিব। এই সময়ছোৱাত সাধাৰণ যানবাহনৰ বাবে পথ কেইটা সম্পূৰ্ণ ৰূপে বন্ধ থাকিব।
Site Admin | October 12, 2024 12:11 PM | Traffic Police