বিগত ১০ বছৰত ভাৰত আৰু ভিয়েটনামৰ মাজৰ সম্পর্ক অধিক সম্প্ৰসাৰিত আৰু গভীৰ হৈ পৰিছেঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ভিয়েটনামৰ প্ৰধানমন্ত্ৰী ফাম মিন চিনহৰ সৈতে আলোচনাত মিলিত হয়। আলোচনাৰ অন্তত দুয়োগৰাকী নেতাই ভার্চুৱেল ব্যৱস্থাৰে ভিয়েটনামৰ নহা তৰাঙৰ দূৰ সংযোগ বিশ্ববিদ্যালয়ৰ সেনা ছফ্টৱেৰ উদ্যান মুকলি কৰে। ভাৰত আৰু ভিয়েটনামৰ মাজৰ সহযোগিতামূলক প্ৰকল্পৰ অধীনত এই উদ্যানখন নিৰ্মাণ কৰি উলিয়াইছে। ভাৰতে এই প্ৰকল্পৰ বাবে ৫০ লাখ ডলাৰৰ সাহায্য অনুদান আগবঢ়াইছে। দুয়ো পক্ষই সীমা শুল্ক, সামর্থ বৃদ্ধি, কৃষি গৱেষণা আৰু শিক্ষা, সামুদ্রিক ঐতিহ্য, ঔষধি গছ আৰু আইনী ক্ষেত্ৰত সহযোগিতাৰ বাবে কেইবাখনো বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। প্ৰসাৰ ভাৰতী আৰু ভইচ অফ ভিয়েটনামে ৰেডিঅ’ আৰু টেলিভিচন ক্ষেত্ৰত সহযোগিতাৰ বাবে বুজাবুজিৰ চুক্তি সম্পাদন কৰে। দুয়োপক্ষই লগতে ভিয়েটনামৰ মায়ছোন ইউনেস্ক’ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ পুনৰুদ্ধাৰ চুক্তিতো স্বাক্ষৰ কৰে।
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁ প্ৰেছ বিবৃতিত কয় যে, বিগত ১০ বছৰত ভাৰত আৰু ভিয়েটনামৰ মাজৰ সম্পর্ক অধিক সম্প্ৰসাৰিত আৰু গভীৰ হৈ পৰিছে আৰু সৰ্বাত্মক কৌশলগত সহযোগিতাৰ ৰূপ লৈছে। উভয় দেশৰ মাজৰ দ্বিপাক্ষিক বাণিজ্য ৮৫ শতাংশ বৃদ্ধি পাইছে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে, বুদ্ধধৰ্মৰ উমৈহতীয়া ঐতিহ্যই দুয়োখন দেশৰ জনসাধাৰণক আধ্যাত্মিক পৰ্যায়ত সংযুক্ত কৰি ৰাখিছে। শ্ৰী মোদীয়ে কয় যে, ভিয়েটনামৰ যুৱ প্ৰজন্মই নালান্দা বিশ্ববিদ্যালয়ৰ সুবিধা গ্ৰহণ কৰা উচিত। এক্ট ইষ্ট নীতি আৰু ভাৰত-প্রশান্ত মহাসাগৰীয় দৃষ্টিভংগীৰ ক্ষেত্ৰত ভিয়েটনাম ভাৰতৰ গুৰুত্বপূৰ্ণ সহযোগি বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। শ্ৰী মোদীয়ে কয় যে, ভাৰত আৰু ভিয়েটনামৰ মাজত স্বতন্ত্র, মুক্ত, নিয়ম আধাৰিত আৰু সমৃদ্ধিশালী ভাৰত প্ৰশান্ত মহাসাগৰৰ বাবে সহযোগিতা অব্যাহত থাকিব। আজিৰ বৈঠকত দুয়ো পক্ষই পাৰস্পৰিক সহযোগিতাৰ সকলো ক্ষেত্ৰ আৰু ভৱিষ্যতৰ পৰিকল্পনা যুগুটাই উলিওৱাৰ বিভিন্ন পদক্ষেপ সম্পর্কে বিষদভাৱে আলোচনা কৰা বুলি শ্ৰী মোদীয়ে জানিবলৈ দিয়ে। প্রধানমন্ত্ৰীয়ে কয় যে, ভাৰতৰ ২০৪৭ চনৰ ভিতৰত দেশক বিকশিত উন্নত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ দৃষ্টিভংগীক আৰু ভিয়েটনামৰ ২০৪৫ দৃষ্টিভংগীৰ বাবে দুয়োখন ৰাষ্ট্ৰৰ উন্নয়নৰ প্ৰক্ৰিয়াই গতি লাভ কৰিছে। তেওঁ কয় যে, ইয়াৰ ফলত পাৰস্পৰিক সহযোগিতা নতুন ক্ষেত্ৰত মুকলি হৈছে আৰু দুয়ো পক্ষই সৰ্বাত্মক কৌশলগত সহযোগিতা শক্তিশালী কৰাৰ বাবে নতুন কার্যকৰী কল্পনা প্ৰস্তু কৰি উলিয়াইছে। প্ৰতিৰক্ষা আৰু সুৰক্ষাৰ ক্ষেত্ৰৰ সহযোগিতাৰ বাবে নতুন পদক্ষেপ লোৱা হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে, আজি সম্পাদিত ৩০ কোটি ডলাৰৰ ঋণ চুক্তিয়ে ভিয়েটনামৰ সামুদ্রিক সুৰক্ষা শক্তিশালী কৰি তুলিব। দুয়ো পক্ষই সন্ত্ৰাসবাদ আৰু চাইবাৰ সুৰক্ষা বিষয়ক সহযোগীতাত গুৰুত্ব আৰোপ কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে, ভাৰত আৰু ভিয়েটনামে আছিয়ান-ভাৰত পণ্য সামগ্রি বাণিজ্য চুক্তিৰ পৰ্যালোচনা চলোৱাৰ বাবে আৰু পাৰস্পৰিক বাণিজ্যৰ সম্ভাৱনাৰ পূৰ্ণ ব্যৱহাৰৰ বাবে শীঘ্ৰে এই প্ৰক্ৰিয়া সম্পন্ন কৰাৰ বাবে সন্মতি প্রকাশ কৰিছে।

অধিক পঢ়ক

সকলো চাওক