বিগত ১০ বছৰত ভাৰতৰ বিমান পৰিবহন খণ্ড গোলকীয়ভাৱে তৃতীয় স্থান উপনীত হৈছে: বিমান পৰিবহণ ৰাজ্য মন্ত্ৰী মুৰুলীধৰ মোহল

 বিমান পৰিবহণ ৰাজ্য মন্ত্ৰী মুৰুলীধৰ মোহলে আজি কয় যে, বিগত ১০ বছৰত ভাৰতৰ বিমান পৰিবহন খণ্ডত ব্যাপক প্ৰগতি সাধিত হোৱাৰ লগতে এই খণ্ড গোলকীয়ভাৱে তৃতীয় স্থান উপনীত হৈছে। পুনেৰ লহগাঁও বিমান বন্দৰত নৱনিৰ্মিত টার্মিনেল যাত্ৰীসকলৰ বাবে মুকলি কৰি আজি তেওঁ ভাষণ প্ৰসংগত এই কথা প্ৰকাশ কৰে। শ্ৰী মোহলে লগতে কয় যে, বিগত ১০ বছৰত দেশত ৪৬৯টা নতুন বিমানপথ মুকলি হোৱাৰ লগতে দিল্লী, বাংগালুৰু তথা অযোধ্যাৰ দৰে বিমান বন্দৰত নতুন টার্মিনেল নিৰ্মাণ কৰা হৈছে। তেওঁ লগতে শীঘ্ৰে দেশত ২০ৰ পৰা ২৫ টা নতুন বিমান বন্দৰ নিৰ্মাণ কৰা হ’ব বুলি সদৰী কৰে। উল্লেখযোগ্য যে পুনে বিমান বন্দৰৰ নতুন টার্মিনেলত প্ৰতি বছৰে প্ৰায় এক কোটি যাত্ৰীয়ে আহ-যাহ কৰিব পৰা ব্যৱস্থা ৰখা হৈছে। এই টার্মিনেল যোৱা ১০ মাৰ্চত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰিছিল। অসম্পূৰ্ণ হৈ থকা কামকাজসমূহ সম্পূৰ্ণ কৰাৰ অন্তত টার্মিনেলটো যাত্ৰীসকলৰ বাবে আজি মুকলি কৰি দিয়া হয়।

অধিক পঢ়ক

সকলো চাওক