বিগত ১০ বছৰত বিজেপি চৰকাৰে দুখীয়ালোকৰ সবলীকৰণ আৰু সুযোগ সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছেঃ নৰেন্দ্ৰ মোদী

বিজেপি জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে বিগত ১০ বছৰত তেওঁৰ চৰকাৰে দুখীয়াসকলৰ সবলীকৰণ আৰু এনে লোকসকলৰ বাবে সুযোগ সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে। ইংৰাজী ভাষাৰ এখন দৈনিক বাতৰি কাকতত দিয়া সাক্ষাৎকাৰত শ্ৰীমোদীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে ভাৰতে বিশ্বক দেখুৱাই দিছে যে প্ৰতিগৰাকী নাগৰিকৰ সবলীকৰণ আৰু তেওঁলোকক সাফল্যৰ বাবে প্ৰয়োজনীয় সম্পদ যোগান ধৰাই প্ৰকৃত প্রগতি। যোৱা ১০ বছৰত দেশৰ ২৫ কোটি লোক দৰিদ্ৰতাৰ কবলৰ পৰা মুক্ত হোৱা বুলিও প্রধানমন্ত্ৰীয়ে উল্লেখ কৰে । শ্রীমোদীয়ে কয় যে ভাৰতৰ কৰ্মসংস্থাপনহীনতাৰ হাৰ বিশ্ব ভিতৰতেই সর্বনিম্ন। তেওঁ কয় যে কোটি কোটি লোকে প্ৰথম বাৰৰ বাবে ব্যৱসায় আৰম্ভ কৰাৰ বাবে মুদ্ৰা ঋণ আঁচনিৰ সুবিধা গ্ৰহণ কৰিছে। শ্রীমোদীয়ে লগতে কয় যে তেওঁৰ চৰকাৰে গড় মুদ্রাস্ফীতি বিগত এক দশকত ন্যূনতম পৰ্যায়ত সীমিত ৰাখিবলৈ সমৰ্থ হৈছে। বিজেপি চৰকাৰে পৰৱৰ্ত্তী ২৫ বছৰৰ বাবে শক্তিশালী অর্থব্যৱস্থা গঢ়ি তুলিছে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। অন্য এখন বাতৰি কাকতক দিয়া আন এটা সাক্ষাৎকাৰত শ্ৰীমোদীয়ে কয় যে তেওঁৰ চৰকাৰে দুখীয়া লোকসকলৰ বুনিয়াদী আৱশ্যকতা পূৰণ কৰি তেওঁলোকক সবল কৰি তোলাৰ আৰু সৰ্বাত্মক সংস্কাৰৰ জৰিয়তে দেশৰ অৰ্থব্যৱস্থা পুনৰুজ্জীৱিত কৰি তোলাৰ দ্বৈত অভিযানত ব্ৰতী হৈ আছে। কোভিদোত্তৰ বিশ্বত ভাৰতৰ বৰ্দ্ধিত গুৰুত্বত আলোকপাত কৰি শ্ৰীমোদীয়ে কয় যে ইয়াৰ ফলত দেশৰ জনসাধাৰণৰ মনত নতুন বিশ্বাস জাগৃত হৈছে। প্রধানমন্ত্ৰীয়ে কয় যে এইবাৰৰ নিৰ্বাচনত স্পষ্ট সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পাছত তেওঁৰ চৰকাৰে বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে প্ৰয়াস চলাব। তেওঁ কয় যে বিজেপিয়ে ইতিমধ্যে পৰৱৰ্ত্তী পাঁচ বছৰৰ বাবে পৰিকল্পনা আৰু নতুন চৰকাৰৰ প্ৰথম ১০ দিনত কামৰ তালিকা প্রস্তুত কৰি উলিয়াইছে। শ্রীমোদীয়ে কয় যে তেওঁৰ চৰকাৰে ২০৪৭ চনৰ বাবে অহৰ্নিশে কাম কৰি আৰু দেশৰ জনসাধাৰণে যাতে নিজৰ আশা-আকাংক্ষা পূৰণ কৰিব পাৰে তাক সুনিশ্চিত কৰাৰ বাবে প্ৰতিটো ক্ষণ উৎসৰ্গা কৰিব।

অধিক পঢ়ক

সকলো চাওক