কেন্দ্রীয় মন্ত্রী জিতেন্দ্র সিঙে বিগত ১০ বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত প্ৰশাসন অধিক স্বচ্ছ আৰু নাগৰিককেন্দ্ৰিক হোৱা বুলি প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি কেন্দ্ৰীয় তথ্য আয়োগৰ ষোড়শ বার্ষিক সন্মিলন সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে প্ৰকাশ কৰে। তেওঁ কয়, যে ২০১৮ চনলৈকে কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ ৮০ শতাংশৰো অধিক কাৰ্য্যালয়ৰ কাম-কাজ অনলাইন মাধ্যমেৰে সম্পন্ন কৰাৰ ব্যৱস্থা কৰি তোলা হৈছে। তেওঁ কয়, যে বিগত ১০ বছৰত তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত দাখিল কৰা অভিযোগ বৃদ্ধি পোৱাৰ পৰা প্ৰশাসনৰ স্বচ্ছতা, ফলপ্রসূ অভিযোগ নিষ্পত্তি আৰু জনসাধাৰণৰ আস্থা প্ৰতিফলিত হৈছে। এই উপলক্ষে মুখ্য তথ্য আয়ুক্ত হীৰালাল ছমাৰিয়াই কয়, যে ৰাজ্যিক তথ্য আয়োগে জনসাধাৰণৰ মাজত তথ্য জনাৰ আইনৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে ভালেমান কৰ্মশালাৰ আয়োজন কৰিছে।
Site Admin | December 10, 2024 9:06 PM | Dr. Jitendra Singh