ডাউনলোড
মোবাইল এপ

android apple
signal

বিগত ১০ বছৰত গ্ৰহণ কৰা সামগ্রিক উন্নয়নমূলক আঁচনিৰ জৰিয়তে দেশৰ অনন্য পৰিৱৰ্তন সাধন হৈছেঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে চৰকাৰে বিগত ১০ বছৰত গ্ৰহণ কৰা সামগ্রিক উন্নয়নমূলক আঁচনিৰ জৰিয়তে দেশৰ অনন্য পৰিৱৰ্তন সাধন হৈছে। তেওঁ কয় যে প্ৰতিটো পৰিয়ালক বিশুদ্ধ পানী যোগান, প্ৰতিটো শিশুৰ বাবে মানসম্পন্ন শিক্ষাৰ ব্যৱস্থা, প্ৰতিগৰাকী উদ্যোগীক বিত্তীয় সাহায্য প্ৰদান আৰু প্ৰতিখন গাঁৱক ডিজিটেল অর্থনীতিৰে লাভান্বিত কৰাই হৈছে সামগ্ৰিক বিকাশৰ অৰ্থ। সপ্তদশ অসামৰিক সেৱা দিৱস উপলক্ষে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত অনুষ্ঠানত অংশগ্রহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইদৰে কয়। প্রধানমন্ত্ৰীয়ে কয় যে সম্প্ৰতি চৰকাৰে গ্ৰহণ কৰা আঁচনিসমূহৰ জৰিয়তে দেশৰ বাবে কেইবা হাজাৰ বছৰীয়া পৰিকল্পনা যুগুত কৰা হৈছে। তেওঁ কয় যে প্রকৃত প্ৰগতি সৰু সৰু পৰিৱৰ্তন নহয়, বৰং বৃহৎ পৰিসৰ আৰু অৰ্থপূৰ্ণ পৰিৱৰ্তনৰ জৰিয়তেহে সম্ভৱ হয়। দেশক প্ৰগতিৰ উচ্চ শিখৰত উপনীত কৰাবৰ বাবে শ্রীমোদীয়ে দেশৰ যুৱ সমাজ, কৃষক আৰু মহিলাসকলৰ আশা-আকাংক্ষা পূৰণত গুৰুত্ব আৰোপ কৰে। শ্ৰীমোদীয়ে কয় যে ভাৰতে বর্তমান প্রশাসন, স্বচ্ছতা আৰু উদ্ভাৱনৰ ক্ষেত্ৰত নতুন মাইলৰ খুঁটি স্থাপন কৰিছে। দেশে যোৱা এটা দশকত গতিশীল পৰিৱৰ্তনৰ বাটত ধাৱিত হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে চৰকাৰে কেৱল বিকাশতে নহয়, বৰং প্রশাসন, স্বচ্ছতা আৰু উদ্ভাৱনতো গুৰুত্ব দিছে। দেশৰ বিভিন্ন জিলাত ৰূপায়িত হোৱা কাৰ্যসূচী সন্দৰ্ভত তেওঁ কয় যে স্বাস্থ্য, সামাজিক বিকাশ আৰু আন্তঃগাঁথনিৰ ক্ষেত্ৰত দেশৰ বিভিন্ন প্ৰান্তত অভূতপূৰ্ব পৰিৱৰ্তন আহিছে। তেওঁ কয় যে জনসাধাৰণৰ মাজলৈ চৰকাৰী আঁচনিসমূহ কেনেদৰে লৈ যোৱা হৈছে আৰু তৃণমূল পৰ্যায়ত এই আঁচনিসমূহৰ প্ৰকৃত প্ৰভাৱ কেনেদৰে পৰিছে সেই কথাতে শাসনৰ মান নিৰ্ভৰ কৰে। ভাষণ প্ৰসঙ্গত প্ৰধানমন্ত্ৰীয়ে খৰতকীয়া পৰিৱৰ্তনৰ এই সময়ত গোলকীয় প্ৰত্যাহ্বানসমূহত দৃষ্টি ৰখাৰ প্ৰয়োজনীয়তাতো গুৰুত্ব দিয়ে। তেওঁ কয় যে বিশেষকৈ গ্লোবেল ছাউথৰ দেশসমূহত এতিয়াও খাদ্য, পানী আৰু শক্তিৰ সুৰক্ষা ডাঙৰ প্ৰত্যাহ্বান হৈ আছে। এই অনুষ্ঠানতে প্রধানমন্ত্রী মোদীয়ে বিভিন্ন জিলা, উন্নয়ন খণ্ড আৰু অসামৰিক সেৱাৰ বিষয়া-কৰ্মচাৰীক সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত ৰাজহুৱা প্ৰশাসনৰ প্ৰধানমন্ত্ৰীৰ উৎকৃষ্টতা বঁটাসমূহ প্ৰদান কৰে।

অধিক পঢ়ক

সকলো চাওক