April 30, 2024 5:26 PM | PM Modi Campaign

printer

বিগত দহ বছৰত ২৫ কোটি জনসাধাৰণ দৰিদ্ৰতাৰ পৰা মুক্ত হৈছে বুলি প্ৰধানমন্ত্ৰী মোদীৰ প্ৰকাশ

প্রধানমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে কৈছে যে জনসাধাৰণে মোদী চৰকাৰৰ ১০ বছৰ আৰু কংগ্ৰেছ শাসনৰ ৬০ বছৰৰ প্ৰভেদ প্ৰত্যক্ষ কৰিছে। মহাৰাষ্ট্ৰৰ মাচাত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি শ্ৰী মোদীয়ে আজি এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে কংগ্ৰেছৰ শাসনকালত প্ৰধানমন্ত্ৰীয়ে ‘গৰীৱি হতায়েংগে’ ধবনি আওৰাইছিল যদিও একো কৰা নাছিল কিন্তু এন ডি এ চৰকাৰে বিগত দহ বছৰত ২৫ কোটি জনসাধাৰণক দৰিদ্ৰতাৰ পৰা মুক্ত কৰিছে। শ্রী মোদীয়ে কয় যে ২০১৪ চনত প্ৰায় ১০০টা জলসিঞ্চন প্ৰকল্পৰ দশক দশক ধৰি স্থবিৰ হৈ আছিল আৰু এন ডি এ চৰকাৰে ইয়াৰে ৬৩ টা প্রকল্প ইতিমধ্যে ৰূপায়ণ কৰিছে। এন চি পি এছ পিৰ মুৰববী শাৰদ পাৱাৰৰ সমালোচনা কৰি শ্ৰী মোদীয়ে কয় যে শ্ৰী পাৱাৰ কেন্দ্ৰত কৃষি মন্ত্ৰী হৈ থকাৰ সময়ত কুঁহিয়াৰৰ উচিত আৰু লাভজনক মূল্য ২০০ টকা আছিল কিন্তু এন ডি এ চৰকাৰৰ ১০ বছৰৰ শাসনকালত এই মূল্য প্রতি কুইণ্টলত ৩৪০ টকালৈ বৃদ্ধি কৰা হৈছে। শ্ৰী মোদীয়ে আজি ওচমানাবাদ আৰু লাটুৰতো নিৰ্বাচনী সভা সম্বোধন কৰাৰ কথা আছে।  

অধিক পঢ়ক

সকলো চাওক