ডাউনলোড
মোবাইল এপ

android apple
signal

বিগত দশকত ভাৰত বিশ্বৰ পঞ্চম অর্থনীতি হিচাপে পৰিগণিত হৈছেঃ প্রধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে বিগত দশকত ভাৰত বিশ্বৰ পঞ্চম অর্থনীতি হিচাপে পৰিগণিত হৈছে। দ্বাৰকাৰ য়শোভূমিত অনুষ্ঠিত ভাৰত শক্তি সপ্তাহ ২০২৫ ভার্চুৱেল ব্যৱস্থাৰে আজি উদ্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়। তেওঁ কয়, যে দেশৰ সৌৰ শক্তি উৎপাদনৰ ক্ষমতা ৩২ গুণ বৃদ্ধি হৈছে আৰু বৰ্তমান ভাৰত বিশ্বৰ তৃতীয় স্থানৰ সৌৰ শক্তি উৎপাদনকাৰী দেশ হিচাপে চিহ্নিত হৈছে। প্ৰধানমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে, দেশৰ অজৈৱ ইন্ধন শক্তি ক্ষমতাও পূৰ্বৰ তিনিগুণ হৈছে। ভাৰত পেৰিছৰ জি-টুৱেণ্টি সন্মিলনত সম্পাদিত চুক্তিসমূহৰ লক্ষ্যত উপনীত হোৱা প্ৰথমখন দেশ বুলিও শ্রী মোদীয়ে প্ৰকাশ কৰে।
প্রধানমন্ত্ৰীয়ে কয়, যে ভাৰত কেৱল নিজৰ বিকাশৰ দিশেৰে নহয়, বৰং বিশ্বৰ বিকাশৰ দিশেৰে আগবাঢ়ি গৈছে। এই ক্ষেত্ৰত দেশৰ শক্তিখণ্ডই বিশেষ ভূমিকা গ্ৰহণ কৰা বুলিও তেওঁ উল্লেখ কৰে। শ্ৰী মোদীয়ে কয়, যে বৰ্তমান ভাৰতৰ জৈৱ ইন্ধন উদ্যোগ দ্রুত বিকাশৰ বাবে সাজু হৈছে। ইথানল মিশ্রণ সন্দৰ্ভত প্রধানমন্ত্রীয়ে কয়, যে দেশে বর্তমান ১৯ শতাংশ ইথানল মিশ্ৰণ কৰিছে আৰু ই বৈদেশিক বিনিয়োগ সংৰক্ষণত সহায় কৰাৰ লগতে কৃষকৰ ৰাজহ বৃদ্ধি কৰিছে। ইথানল মিশ্রণে কাৰ্ডন-ডাই-অক্সাইডৰ নির্গমনো হ্ৰাস কৰিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, যে চলিত বছৰৰ অক্টোবৰৰ পূৰ্বে ভাৰতে ২০ শতাংশ ইথানল মিশ্রণ বাধ্যতামূলক কৰাৰ লক্ষ্যত উপনীত হোৱাৰ চেষ্টা কৰিছে। মেক ইন ইণ্ডিয়াৰ অধীনত দেশে স্থানীয় যোগান শৃংখলা আৰু নিৰ্মাণক শক্তিশালী কৰাত মনোযোগ দিছে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। শ্ৰী মোদীয়ে কয়, যে অহা দুটা দশক ভাৰতৰ বিকাশৰ ক্ষেত্ৰত অত্যন্ত গুৰুত্বপূৰ্ণ হ’ব আৰু অহা ৫ বছৰৰ ভিতৰত দেশে বহুতো প্ৰধান প্ৰধান মাইলৰ খুঁটা অতিক্ৰম কৰিবলৈ সমৰ্থ হৈ উঠিব।
নতুন দিল্লীত আজিৰে পৰা ভাৰত শক্তি সপ্তাহ ২০২৫ অনুষ্ঠিত হৈছে। ইয়াত কানাডা, জার্মানী, জাপান, আমেৰিকা আৰু ব্ৰিটেইন আদিকে ধৰি ১০ খন দেশে অংশগ্ৰহণ কৰিছে।

অধিক পঢ়ক

সকলো চাওক