কোকৰাঝাৰৰ বিটিচিৰ বিধায়িনী ভৱনত আজি ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যৰ ভাষণেৰে অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দিনাৰ কাৰ্যসূচী আৰম্ভ হয়। ৰাজ্যপালগৰাকীয়ে তেওঁৰ ভাষণত ৰাজ্যৰ অৰ্থনৈতিক বিকাশ, কল্যাণমূলক আঁচনি তথা সম্প্রতি বাজ্যখনে বিভিন্ন ক্ষেত্ৰত লাভ কৰা সাফল্যৰ বিষয়ত আলোকপাত কৰে। শ্ৰীআচার্যই কয়, যে বিগত দশকত অসমে ১২.৬ শতাংশ মুঠ বাৰ্ষিক বিকাশৰ হাৰৰ জৰিয়তে অর্থনৈতিক বিকাশত উল্লেখনীয় অগ্রগতি লাভ কৰিছে। তেওঁ কয়, যে অসমে গুজৰাটৰ সমানে দেশৰ ছেমি কণ্ডাক্টৰ উদ্যোগত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ দিশে অগ্ৰসৰ হৈছে। বিটিআৰ চৰকাৰে আন্তঃগাঁথনি উন্নয়ন তথা কল্যাণমূলক আঁচনিৰ ৰূপায়ণৰ জৰিয়তে জনসাধাৰণৰ উন্নয়ন সাধন কৰিবলৈ সমৰ্থ হৈছে বুলি উল্লেখ কৰি ৰাজ্যপালগবাকীয়ে কয়, যে গুড উইল অভিযানৰ অধীনত বিটিআৰত ৭০০ কিলোমিটাৰ উন্নত পথ যোগাযোগ ব্যৱস্থা সম্পূর্ণ কৰাৰ লগতে ২০২২-২৩ বৰ্ষৰ পৰা মুখ্যমন্ত্ৰী পথ নৱীকৰণ আঁচনিৰ অধীনত ৪০০ কিলোমিটাৰ পথ নিৰ্মাণ কৰা হৈছে।
ৰাজ্যপালগৰাকীয়ে তেওঁৰ ভাষণত অসমীয়া ভাষাই লাভ কৰা ধ্রুপদী ভাষাৰ মর্যাদা, চৰাইদেউ মৈদামলৈ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি আদি বিভিন্ন প্রসংগ উল্লেখ কৰে। তদুপৰি অসম চৰকাৰে ইতিমধ্যে ২৪ লাখৰো অধিক মহিলালৈ আগবঢ়োৱা অৰুণোদয় আঁচনিৰ সুবিধা, ষ্টার্টআপ প্ৰতিষ্ঠানলৈ আগবঢ়োৱা উৎসাহজনক সহায়- সহযোগৰ বিষয়েও তেওঁ জানিবলৈ দিয়ে। শ্রীআচার্যই মুখ্যমন্ত্রী আত্মনির্ভৰ অসম অভিযান, মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযান, পি এম কিষাণ সম্মান নিধি, আয়ুষ্মান ভারতকে ধৰি বৰ্তমানৰ চৰকাৰৰ বিভিন্ন ইতিবাচক পদক্ষেপৰ বিষয়ে উল্লেখ কৰি কয়, যে এনে আঁচনিসমূহে ৰাজ্যখনক ক্ৰমান্বয়ে দেশৰ আন অংশৰ সৈতে অধিক সক্রিয় তথা গতিশীলভাৱে জড়িত কৰিবলৈ সমৰ্থ হৈছে। অভিলেখ সৃষ্টিৰ উদ্দেশ্যে অহা ২৪ ফেব্ৰুৱাৰীত আয়োজন কৰা ঝুমুৰ নৃত্যৰ বিশেষ অনুষ্ঠানটোৰ বিষয়ে উল্লেখ কৰি তেওঁ এই অনুষ্ঠানে অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনক অধিক সমৃদ্ধ কৰিব বুলি আশা প্রকাশ কৰে। ৰাজ্যপালৰ ভাষণৰ মাজতে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে কেতবোৰ প্ৰসংগ উত্থাপন কৰাৰ চেষ্টা চলাই যদিও ৰাজ্যপালে তেওঁৰ ভাষণ অব্যাহত ৰাখে। ৰাজ্যপালৰ ভাষণৰ পাছতে ডেৰ ঘণ্টাৰ বাবে সদন স্থগিত ৰখা হ’ব বুলি অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ঘোষণা কৰে।
ইয়াৰ পূৰ্বে বাজেট অধিৱেশনৰ প্ৰথম দিনাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে মন্ত্রী-বিধায়কসকল কোকৰাঝাৰত উপস্থিত হোৱাৰ পাছত তেওঁলোকক বিটিচিৰ বিধায়িনী ভৱনত আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হয়। অধিৱেশনৰ কাৰ্যসূচীৰ আৰম্ভণিতে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে আদৰণি ভাষণত কোকৰাঝাৰত এই অধিৱেশনৰ আয়োজন কৰা পদক্ষেপক ঐতিহাসিক বুলি অভিহিত কৰি ইয়াৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ শলাগ লয়।
উল্লেখযোগ্য যে বাজেট অধিৱেশনৰ বাকী কেইদিনৰ কাৰ্যসূচী গুৱাহাটীৰ অসম বিধানসভা ভৱনত অনুষ্ঠিত হ’ব। এই অধিৱেশনত ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত অঞ্চলসমূহৰ আৰ্থ-সামাজিক আৰু সামগ্রিক উন্নয়ন, ২০২৪-২৫ বৰ্ষৰ পৰিপূৰক দাবী আৰু পৰিপূৰক বিনিয়োজনৰ তালিকা উপস্থাপন আদিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ দিশ উত্থাপন কৰা হ’ব।
ৰাজ্যপাল আচাৰ্যই কয় যে এইখন চৰকাৰৰ দিনতে ২০২৪ মাৰ্চত স্থাপিত অসম ৰাজ্যিক লোক সেৱা আয়োগে লোক সেৱা প্ৰদানৰ ব্যৱস্থা শক্তিশালী কৰা হৈছে।ইয়াৰ উপৰিও ২০২৪ চনৰ ৪ অক্টোবৰত ৩৯ খন সম জিলা গঠন কৰা হৈছে। ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক বঁটা অসম বৈভৱ অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা প্ৰদান কৰা হৈছে। তেওঁৰ চৰকাৰৰ দিনতে প্ৰধান মন্ত্ৰী আৱাস যোজনা গ্রামীণৰ অধীনত অসমত ১৯ লাখ ৫০ হাজাৰ পকী ঘৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে। অসম আদর্শ গ্রাম যোজনাৰ জৰিয়তে অসমৰ স্ব-বহনক্ষম উন্নয়ন হৈছে। অসম দৰ্শন আঁচনিৰ জৰিয়তে ধৰ্মীয় স্থান সমূহৰ উন্নয়নৰ বাবে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে ১০,০০০ লাখ টকা ধাৰ্য কৰা হৈছে। জল জীৱন অভিযানৰ জৰিয়তে ৫৮ লাখ পৰিয়াল উপকৃত হৈছে। নগৰ উন্নয়নৰ ক্ষেত্ৰত বহনক্ষমতা সুলভ মুল্যৰ গৃহ নিৰ্মাণ আৰু নাগৰিকৰ জীৱনৰ মান বৃদ্ধিৰ বাবে আন্তঃগাথঁনিৰ উন্নতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।
ৰাজ্যৰ উন্নয়নৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা পথ আৰু আভ্যন্তৰীণ জল পৰিবহন আৰু ঘাইপথ নিৰ্মাণত অসম চৰকাৰে এক অগ্রণী পদক্ষেপ গ্রহণ কৰিছে বুলি ৰাজ্যপালে কয়। নিশ্চিত বিদ্যুৎ যোগান আৰু শক্তি আন্তঃগাথঁনি উন্নয়ন, বহল পৰিসৰত বনানীকৰণ সংৰক্ষণ আৰু পৰিবেশ সুৰক্ষা, ভূমি ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত ব্যাপক প্রস্তুতি গ্রহণ কৰিছে বুলি আচাৰ্যই তেওঁৰ ভাষণত উল্লেখ কৰে।