ৰাজ্য চৰকাৰৰ বিকাশৰ ১২ দিন কাৰ্যসূচীৰ অংশ হিচাপে আজি বিশ্বনাথ, ডিব্ৰুগড় আৰু নগাঁও জিলাত জনসাধাৰণৰ মাজত বিভিন্ন আঁচনিৰ অধীনত ধন বিতৰণ আৰু সাহাৰ্য্য প্ৰদান কৰা হ’ব। লখিমপুৰৰ চকুলিভৰীয়াত থকা লখিমপুৰ বাণিজ্য মহাবিদ্যালয় খেলপথাৰৰ সমীপত আয়োজন কৰিবলগীয়া অনুষ্ঠানত শ্রমিক কল্যাণ মন্ত্ৰী ৰূপেশ গোৱালাই মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। শিক্ষা বিভাগৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ ড০ বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত জিলাখনৰ এহেজাৰ ৯৮৪ গৰাকী শিক্ষাৰ্থীক স্কুটাৰ প্ৰদান কৰা হ’ব। মুখ্যমন্ত্ৰী বিশেষ আঁচনিৰ অধীনত নৱম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীক চাইকেল প্ৰদান কৰা হ’ব। সেইদৰে আনন্দৰাম বৰুৱা বঁটাৰ অধীনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৫ শতাংশ বা ততোধিক নম্বৰ লাভ কৰা ছাত্ৰ-ছাত্ৰীলৈ পুৰস্কাৰ প্ৰদান কৰা হ’ব।বিকাশৰ বাবে ১২ দিন কাৰ্যসূচীত অংশ হিচাপে ডিব্ৰুগড় জিলাৰ মানকটা পূজা ফিল্ডৰ অনুষ্ঠানত শক্তি মন্ত্রী প্রশান্ত ফুকনে অংশগ্রহণ কৰিব। সেইদৰে বিশ্বনাথ জিলাৰ কমলাকান্ত ক্ষেত্ৰত আয়োজিত অনুষ্ঠানত স্বাস্থ্য আৰু পৰিয়ালকল্যাণ মন্ত্ৰী অশোক সিংহলে মুখ্য অতিথি হিচাপে ভাগ ল’ব ।
Site Admin | December 21, 2024 12:38 PM | Vikashor 12 Din