ৰাজ্য চৰকাৰে আৰম্ভ কৰা বিকাশৰ ১২ দিন কাৰ্যসূচীৰ অংশ হিচাপে আজি চিৰাং, ধুবুৰী, কাৰ্বি আংলং, মাজুলী, শিৱসাগৰ, দক্ষিণ শালমৰা আৰু ওদালগুৰি জিলাত বিভিন্ন আঁচনি ৰূপায়ণ কৰা হ’ব। প্ৰজ্ঞান ভাৰতী আঁচনিৰ ড০ বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত ধুবুৰী জিলাত ১,২০৮গৰাকী, কাৰ্বি আংলং জিলাত ৫১৭গৰাকী, শিৱসাগৰ জিলাত ১,৭৭৮গৰাকী আৰু দক্ষিণ শালমৰা জিলাত ৩৬৬গৰাকী শিক্ষাৰ্থীক স্কুটাৰ প্ৰদান কৰা হ’ব। মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত নৱম শ্ৰেণীত অধ্যয়ন কৰি থকা ধুবুৰী জিলাৰ ২০ হাজাৰ ৯২৪গৰাকী, কাৰ্বি আংলং জিলাৰ ৫ হাজাৰ ৩০০গৰাকী, শিৱসাগৰ জিলাৰ ৭ হাজাৰ ২৫৩গৰাকী আৰু দক্ষিণ শালমৰা জিলাৰ ৪ হাজাৰ ১৬৮গৰাকী ছাত্ৰ-ছাত্ৰীক চাইকেল প্ৰদান কৰা হ’ব। একেদৰে আনন্দ ৰাম বৰুৱা বঁটাৰ অধীনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৫ শতাংশ বা ততোধিক নম্বৰ লাভ কৰা ধুবুৰী জিলাৰ ৮৭২গৰাকী, কাৰ্বি আংলং জিলাৰ ২৭৮গৰাকী, শিৱসাগৰ জিলাৰ এহেজাৰ ১৪১গৰাকী আৰু দক্ষিণ শালমৰা জিলাৰ ২৫৯গৰাকী ছাত্ৰ-ছাত্ৰীক প্ৰত্যক্ষ লাভ হস্তান্তৰযোগে নগদ পুৰস্কাৰ প্ৰদান কৰা হ’ব। অসম মাইক্ৰ’ফাইনেন্স উদগণি আৰু সকাহ আঁচনি ২০২১ৰ অধীনত চিৰাং জিলাৰ ৩৮৩গৰাকী, কাৰ্বি আংলং জিলাৰ ৫৩২ গৰাকী, মাজুলী জিলাৰ ১৯৩গৰাকী, ওদালগুৰি জিলাৰ ৩৪৪গৰাকী তৃতীয় বৰ্গৰ ঋণীক দ্বিতীয় পৰ্যায়ত ঋণমুক্তিৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হ’ব। প্রধানমন্ত্রী ক্ষুদ্র খাদ্য সংসাধন উদ্যোগৰ আনুষ্ঠানিকীকৰণ আঁচনিৰ অধীনত চিৰাং জিলাৰ ৫৬গৰাকী, কাৰ্বি আংলং জিলাৰ ৩৫৭গৰাকী, মাজুলীৰ ৩৩গৰাকী, দক্ষিণ শালমৰাৰ ৪১গৰাকী আৰু ওদালগুৰিৰ ২১০গৰাকী ব্যক্তিক মূলধনী বিনিয়োগৰ ওপৰত ৰাজসাহায্য প্ৰদান কৰা হ’ব। আনহাতে, দুৰ্যোগত ক্ষতিগ্ৰস্ত চিৰাং জিলাৰ ৮গৰাকী, কাৰ্বি আংলঙৰ ১৭গৰাকী, দক্ষিণ শালমৰাৰ ৯গৰাকী আৰু ওদালগুৰিৰ তিনিগৰাকী ব্যক্তিৰ পৰিয়ালক পোনপটীয়াকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব ।এই উপলক্ষে আয়োজিত অনুষ্ঠানত চিৰাং জিলাত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, ধুবুৰীত অতুল বৰা, মাজুলীত নন্দিতা গাৰ্লোৰ্ছা, শিৱসাগৰত ডাঃ ৰণোজ পেগু, দক্ষিণ শালমৰাত কেশৱ মহন্ত, ওদালগুৰিত উৰ্খাও গৌৰা ব্ৰহ্ম আৰু কাৰ্বি আংলঙত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব।
Site Admin | December 18, 2024 10:15 AM | Assam Govt | Bikash 12 days