মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আজি নগাওঁত অনুষ্ঠিত বিকাশৰ বাবে ১২ দিন কাৰ্যসূচীত অংশগ্ৰহণ কৰি মেধাৱী শিক্ষার্থীসকলক স্কুটি, চাইকেল আৰু নগদ ধন বিতৰণ কৰে। মুখ্যমন্ত্ৰী ড° শৰ্মাই প্ৰজ্ঞান ভাৰতীৰ ড° বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত ৩ হাজাৰ ৪৫০ গৰাকী মেধাৱী শিক্ষাৰ্থীক স্কুটি আৰু আনন্দৰাম বৰুৱা বঁটাৰ অধীনত এহেজাৰ ৮৫৬ গৰাকী শিক্ষাৰ্থীক নগদ ধন বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে বিশেষ আঁচনিৰ অধীনত নৱম শ্ৰেণীত অধ্যয়নৰত ১৬ হাজাৰ ৫৬০ গৰাকী শিক্ষাৰ্থীৰ মাজত চাইকেল বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।
এই বঁটা প্ৰদান অনুষ্ঠানত ৰাজহ বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, সাংস্কৃতিক মন্ত্রী বিমল বৰাৰ লগতে বিধায়ক ৰূপক শৰ্মা, জিতু গোস্বামী, দীপুৰঞ্জন শৰ্মা আৰু শশীকান্ত দাস উপস্থিত থাকে। আনহাতে মুখ্যমন্ত্ৰীগৰাকীয়ে নগাওঁৰ আমবাগানত অনুষ্ঠিত এখন জনসভাতো অংশগ্ৰহণ কৰে। ইপিনে, শোণিতপুৰ জিলাত অনুষ্ঠিত বিকাশৰ বাবে ১২ দিন কাৰ্যসূচীত জলসম্পদ মন্ত্রী পিযুষ হাজৰিকাই অংশগ্ৰহণ কৰে। শোণিতপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী হিচাপে শ্ৰীহাজৰিকাই জিলাখনৰ ৭৩৭ গৰাকী মেধাৱী শিক্ষার্থীক নগদ ধন আৰু এহেজাৰ ৬৪১ গৰাকী শিক্ষাৰ্থীক স্কুটি বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। মন্ত্ৰীগৰাকীয়ে শিক্ষাৰ্থীসকলক চাইকেল বিতৰণ কাৰ্যসূচীৰো শুভাৰম্ভ কৰে। বিশ্বনাথ চাৰিআলিত অনুষ্ঠিত বিকাশৰ বাবে ১২ দিন কাৰ্যসূচীত মন্ত্রী অশোক সিংহালে অংশগ্ৰহণ কৰে। নলবাৰীতো আজি বিকাশৰ ১২ দিন কাৰ্যসূচী অনুষ্ঠিত হয়। এই কাৰ্যসুচীত মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে আত্মসহায়ক গোটলৈ আর্থিক সাহায্য প্ৰদান কৰে। অসংগঠিত ক্ষুদ্র খাদ্য প্ৰক্ৰিয়াকৰণ উদ্যোগসমূহক আনুষ্ঠানিকীকৰণৰ বাবে আজি অনুষ্ঠিত ১৬০ গৰাকী হিতাধিকাৰীৰ মাজত আর্থিক সাহায্য প্ৰদান কৰা হয়।
Site Admin | December 20, 2024 8:26 PM | Assam CM