বিকশিত ভাৰত অভিযানত যোগাত্মকভাৱে আত্মনিয়োগ কৰিবলৈ প্ৰধানমন্ত্ৰীৰ যুৱ সমাজক আহ্বান

প্রধানমন্ত্ৰীয়ে স্বাধীনতা দিৱসত দেশবাসীক উদ্দেশ্যি দিয়া ভাষণৰ কথা আকাশবাণীৰ মন কী বাত অনুষ্ঠানত উল্লেখ কৰি কয় যে, এইবছৰ লালকিল্লাৰ পৰা তেওঁ ৰাজনৈতিক পটভূমি নথকা এক লাখ যুৱক যুৱতীক দেশৰ ৰাজনৈতিক ব্যৱস্থাটোৰ সৈতে জড়িত হবলৈ আহ্বান জনাইছিল। তেওঁ কয় যে তেওঁৰ এই আহ্বানে ব্যাপক সঁহাৰি পাইছিল আৰু সম্প্ৰতি বুজন সংখ্যক যুৱক-যুৱতীয়ে ৰাজনীতিত প্ৰৱেশ কৰিবলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে। সেইসকল যুৱক-যুৱতীয়ে সঠিক সুযোগ আৰু পথ প্ৰদৰ্শনৰ বাবে বাট চাইছে বুলিও প্রধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে, এই সন্দৰ্ভত সমগ্র দেশৰ ভিন্ন প্ৰান্তৰ যুৱক-যুৱতীৰ পত্ৰ তেওঁ লাভ কৰিছে। শ্রীমোদীয়ে এই বিষয় সন্দৰ্ভত পৰামৰ্শ দিয়াৰ বাবে জনসাধাৰণক ধন্যবাদ জনায়। প্রধানমন্ত্রীয়ে আশা প্রকাশ কৰে যে, এনে উৎসাহ দানৰ ফলত ৰাজনৈতিক পটভূমি নথকা বহু যুৱক-যুৱতী ৰাজনীতিত যোগ দিবলৈ সমৰ্থ হৈ উঠিব আৰু তেওঁলোকৰ অভিজ্ঞতা তথা কৰ্মই দেশক উপকৃত কৰিব। স্বাধীনতা আন্দোলনৰ সময়তো ৰাজনৈতিক পটভূমি নথকা এনে বহু লোক ওলাই আহিছিল বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে, তেওঁলোকে ভাৰতৰ স্বাধীনতাৰ গুৰিবঠাৰ অংশীদাৰ হৈছিল। তেওঁ কয় যে, বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হ’বৰ বাবে বৰ্তমান সেই একে ধৰণৰ অনুপ্ৰেৰণাৰ প্ৰয়োজন হৈছে। বিকশিত ভাৰত অভিযানত যোগাত্মকভাৱে আত্মনিয়োগ কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে যুৱ সমাজক আহ্বান জনায় আৰু কয় যে এই কথাই যুৱ সমাজৰ লগতে দেশৰ ভৱিষ্যত গঢ়াত সহায় কৰিব।

অধিক পঢ়ক

সকলো চাওক