বাৰিষাৰ সময়ছোৱাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱকূলৰ সুৰক্ষা, খাদ্য যোগান তথা বানৰ সুযোগ লৈ চোৰাং চিকাৰীয়ে যাতে গঁড় হত্যা কৰিব নোৱাৰে সেই বিষয়সমূহ পর্যালোচনা কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি কাজিৰঙাত এখন উচ্চস্তৰীয় বৈঠকত অংশ লয়। বৈঠকত মুখ্যমন্ত্ৰীয়ে বান পৰিস্থিতিৰ সৈতে বন বিভাগ তথা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই কিদৰে মোকাবিলা কৰিব তাৰ খতিয়ান লয়। তেওঁ লগতে চোৰাং চিকাৰী প্ৰতিৰোধৰ উদ্দেশ্যে কাজিৰঙাৰ সামগ্ৰিক নিৰাপত্তা ব্যৱস্থাৰ সন্দৰ্ভতো বন বিভাগ তথা আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে আলোচনা কৰে। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ড০ শৰ্মাই কাজিৰঙাত নতুনকৈ ৩টা অতিৰিক্ত কামাণ্ডো জোৱানৰ লগতে বন বিভাগৰ ৬০০ জোৱান মোতায়েন কৰাৰ উপৰি কাজিৰঙাত নিৰন্তৰ চলি থকা ব্ৰহ্মপুত্ৰৰ গৰাখনীয়া ৰোধৰ বাবে এটা বিশেষজ্ঞৰ দল গঠন কৰা হ’ব বুলি ঘোষণা কৰে। আনহাতে কাজিৰঙাৰ নিৰাপত্তা অধিক কটকটীয়া কৰাৰ উদ্দেশ্যে ২০খনকৈ মেৰাইন ইঞ্জিনচলিত নাৱৰ ব্যৱস্থা কৰাৰ লগতে বন্য জন্তু সুৰক্ষাৰ স্বাৰ্থত উদ্যানখনৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় ঘাইপথছোৱাত অধিক নিৰাপত্তাৰ ব্যৱস্থা প্ৰৱৰ্তনৰ কথাও তেওঁ ব্যক্ত কৰে। ইপিনে কাজিৰঙালৈ বিগত পর্যতন বৰ্ষত ৩ লাখ ২৭ হাজাৰ দেশী-বিদেশী পৰ্যটকৰ আগমন হোৱাটো শুভ লক্ষণ বুলি ব্যক্ত কৰি মুখ্যমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰিসৰ ৰাজ্য চৰকাৰে বেদখলমুক্ত কৰা বনভূমি বুঢ়াচাপৰিলৈ সম্প্ৰসাৰিত হোৱাটো ইতিবাচক বিষয় বুলি কয়। তেওঁ লগতে বন্যপ্রাণী পুনৰ সংস্থাপনৰ বাবে পানবাৰীত এটা নতুন চৰকাৰী কেন্দ্ৰ স্থাপন কৰা হ’ব বুলিও ঘোষণা কৰে। বৈঠকত বনমন্ত্রী চন্দ্ৰমোহন পাটোৱাৰীসহ কেবিনেট মন্ত্ৰী অজন্তা নেওগ, অতুল বৰা, কেশৱ মহন্ত, বিধানসভাৰ উপাধ্যক্ষ ড০ নোমল মমিন, বিধায়ক বিদ্যাছিং ইংলেৰ লগতে প্ৰশাসন আৰু আৰক্ষীৰ শীৰ্ষ বিষয়া তথা কাজিৰঙা সংলগ্ন ৬ খন জিলাৰ আয়ুক্ত আৰু আৰক্ষী অধীক্ষক উপস্থিত থাকে ।
Site Admin | June 16, 2024 1:17 PM | Himanta Biswa Sarma