ডাউনলোড
মোবাইল এপ

android apple
signal

December 8, 2024 7:59 PM | Dr. S Jaishankar

printer

বাহৰেইণত অনুষ্ঠিত দক্ষিণ এছিয়া বিষয়ক আলোচনাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ ভাষণ প্ৰদান

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে বাহৰেইণৰ ৰাজধানী মানামাত অনুষ্ঠিত দক্ষিণ এছিয়া বিষয়ক আলোচনাত ভাৰতৰ পশ্চিম এছিয়াৰ বিষয়সমূহ সমাধানৰ বাবে সৰ্বাত্মক কৌশল আছে বুলি প্ৰকাশ কৰিছে। মানামা আলোচনাৰ সামৰণিৰ পূৰ্ণাংগ অধিৱেশনত ভাষণ প্ৰসংগত ড০ জয়শংকৰে ভূমধ্য সাগৰীয় দেশসমূহৰ সৈতে ৮ হাজাৰৰ পৰা ৯ হাজাৰ কোটি ডলাৰ পৰিমাণৰ বাণিজ্যৰ সমান্তৰালকৈ উপসাগৰীয় সহযোগিতা পৰিষদ, ইৰাণ আৰু ইৰাকৰ সৈতে ১৭ হাজাৰ কোটিৰ পৰা ১৮ হাজাৰ কোটি ডলাৰ পৰিমাণৰ বার্ষিক বাণিজ্য অব্যাহত থকা বুলি সদৰি কৰে। ড০ জয়শংকৰে কয়, যে ভূমধ্য সাগৰীয় দেশসমূহত থকা প্ৰায় ৫ লাখ তথা উপসাগৰীয় অঞ্চলত থকা এক কোটিতকৈও অধিক ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলৰ জৰিয়তে মানুহৰ মাজৰ পাৰস্পৰিক যোগাযোগে ভাৰত আৰু পশ্চিম এছিয়াৰ মাজত বিশেষ সদভাৱ সৃষ্টি কৰিছে। ইয়াৰ ফলত দ্বিপাক্ষিক সম্পর্ক তথা অর্থনৈতিক প্রগতি ত্বৰান্বিত হৈছে। ভাষণ প্ৰসংগত ড০ জয়শংকৰে সেউজ হাইড্রজেন তথা সেউজ এমনিয়াৰ দৰে উদয়ীমান খণ্ডকে ধৰে দেশৰ ভৱিষ্যতৰ শক্তি সুৰক্ষাৰ ক্ষেত্ৰত এই অঞ্চলটোৰ বিশেষ ভূমিকা সন্দৰ্ভত আলোকপাত কৰে। তেওঁ কয়, যে পৰম্পৰাগত শক্তি সম্পদৰ পৰিধি অতিক্ৰম কৰি এই অঞ্চলটো সাৰৰ আমদানীৰ জৰিয়তে দেশৰ কৃষিখণ্ডৰ বাবে গুৰুত্বপূৰ্ণ হিচাপে পৰিগণিত হৈছে। তদুপৰি এই অঞ্চল প্রযুক্তি আৰু বিনিয়োগৰ সহযোগিতা খণ্ডত আগশাৰীৰ মিত্ৰ হিচাপে উজ্বলি উঠিছে। আঞ্চলিক সামুদ্রিক সুৰক্ষাৰ ক্ষেত্ৰত ভাৰতৰ সক্ৰিয় ভূমিকাৰ ওপৰত আলোকপাত কৰি তেওঁ কয়, যে ভাৰতে আন্তঃৰাষ্ট্ৰীয় নিৰাপত্তা ব্যৱস্থাত অংশগ্ৰহণ কৰাৰ বাবে গুৰুত্বপূৰ্ণ জলপথসমূহত নিজৰ অৱস্থিতি অব্যাহত ৰাখিছে। মন্ত্ৰীগৰাকীয়ে শেহতীয়া জি-২০ শীর্ষ সন্মিলনত ঘোষিত ভাৰত-মধ্য প্ৰাচ্য-ইউৰোপ অর্থনৈতিক ক’ৰিডৰ সন্দৰ্ভতো গুৰুত্ব আৰোপ কৰে।

অধিক পঢ়ক

সকলো চাওক