গৃহ মন্ত্ৰালয়ৰ যুটীয়া সচিব বি চি যোশীৰ নেতৃত্বত এটা কেন্দ্ৰীয় আন্তঃমন্ত্ৰালয়ৰ দলে আজি ত্ৰিপুৰাৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে ৰাজ্যখন পৰিদৰ্শন কৰিব। এই দলটোত কৃষি, বিত্ত, জলশক্তি, গ্রামোন্নয়ন আৰু পথ পৰিবহন তথা ঘাইপথ মন্ত্ৰালয়ৰ মন্ত্ৰীসকল আছে। ত্ৰিপুৰাৰ ৰাজহ সচিব ব্রিজেছ পাণ্ডেই জনোৱা মতে ৰাজ্যখনত বানত আক্ৰান্ত ৭২ হাজাৰতকৈও অধিক লোক এতিয়ালৈকে ৪৯২টা আশ্রয় শিবিৰত আশ্ৰয় লৈ আছে। আনহাতে, ৫০ হাজাৰতকৈও অধিক লোক গোমাতি জিলাৰ অস্থায়ী আশ্রয় শিবিৰত আশ্রয় গ্রহণ কৰিছে। শ্রীপাণ্ডেই জনোৱা মতে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ মুঠ ১১টা দলৰ লগতে অসামৰিক প্ৰতিৰক্ষা আৰু আপদ মিত্ৰৰ ৫০০জন স্বেচ্ছাসেৱক উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে।
Site Admin | August 28, 2024 10:23 AM | Flood Visist