ডাউনলোড
মোবাইল এপ

android apple
signal

বান আৰু নদী খহনীয়া ব্যৱস্থাপনা প্ৰাধীকৰণৰ অধীনত চলি থকা কাম-কাজসমূহৰ পৰ্যালোচনা মন্ত্রী পিযুষ হাজৰিকাৰ

ৰাজ্যখনত বান নিয়ন্ত্ৰণ আৰু খহনীয়াৰ সমস্যা সমাধানৰ বাবে বান আৰু নদী খহনীয়া ব্যৱস্থাপনা প্ৰাধীকৰণৰ অধীনত চলি থকা কাম-কাজসমূহ আজি জলসম্পদ মন্ত্রী পিযুষ হাজৰিকাই পৰ্যালোচনা কৰে। তেওঁ প্ৰাধীকৰণৰ অধীনত চলি থকা কাম-কাজসমূহ সময়মতে সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিয়ে। পৰৱৰ্তী সময়ত ব্ৰহ্মপুত্র, বুঢ়িদিহিং, বেকীকে ধৰি কেইবাখনো নৈৰ বান আৰু খহনীয়া সমস্যা নিয়ন্ত্ৰণৰ বাবে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাসমূহৰো তেওঁ পৰ্যালোচনা কৰে। তদুপৰি জলসম্পদ বিভাগে বান নিয়ন্ত্ৰণ প্ৰচেষ্টাক শক্তিশালী কৰাৰ উদ্দেশ্যে গঠন কৰা হাইড্ৰ’ইনফৰমেটিক ইউনিটৰ বিষয়েও আজি আলোচনা কৰা হয়। এই গোটৰ সহায়ত স্থানীয় পৰ্যায়ত বৰষুণৰ আগজাননী আৰু নদীত পানীৰ স্তৰৰ বিষয়ে তথ্য লাভ কৰাত সহায় হয়। এই বৈঠকত প্ৰাধীকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া, জলসম্পদ বিভাগৰ সচিব, মুখ্য অভিযন্তাসহ বিভাগীয় বিষয়াসকল উপস্থিত থাকে।

অধিক পঢ়ক

সকলো চাওক