ডাউনলোড
মোবাইল এপ

android apple
signal

February 15, 2025 7:27 PM | Pijush Hazarika

printer

বান আৰু খহনীয়া সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ

বান আৰু খহনীয়া সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি আহিছে। মন্ত্ৰী পীযূষ হাজৰিকাই আজি গুৱাহাটীৰ বশিষ্ঠৰ অসম জল ভৱনত বান আৰু নদী খহনীয়া ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধীনত বিভিন্ন শিতানত চলি থকা আৰু অনাগত দিনত সম্পন্ন হ’বলগীয়া কামসমূহৰ বিষয়ে পর্যালোচনা কৰে। অনাগত দিনত ৰাজ্যখনৰ বিভিন্ন জিলাত ব্ৰহ্মপুত্ৰ আৰু উপনৈসমূহৰ স্পৰ্শকাতৰ অঞ্চলসমূহৰ খহনীয়া প্ৰতিৰোধী কাম কৰা হ’ব বুলি তেওঁ উল্লেখ কৰে। প্ৰায় ৩৬টা বিভিন্ন আঁচনিৰ অধীনত মুঠ ২৪৫ কিলোমিটাৰ মথাউৰিৰ কাম বাৰিষাৰ পূৰ্বে সম্পন্ন কৰাৰ লক্ষ্যৰে এই বৈঠক অনুষ্ঠিত হয়। প্ৰতিৰোধী কামৰ বাবে পৰ্যাপ্ত পৰিমাণে জিঅ’ বেগ, পার্কুপাইন আদি প্রয়োজনীয় সামগ্ৰীৰ যোগান আৰু নিৰ্ধাৰিত সময়ৰ কাম সমাপন কৰাকে ধৰি বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰা হয়। আঁচনিসমূহৰ ৰূপায়ণৰ ক্ষেত্ৰত চৰকাৰী ধনৰ অপব্যয় নকৰিবলৈও সংশ্লিষ্ট বিষয়াসকলক আহ্বান জনায়।

অধিক পঢ়ক

সকলো চাওক