ৰাজ্যত প্ৰতি বছৰে বানৰ সময়ত হোৱা দুৰ্যোগ প্ৰতিৰোধ কৰিবলৈ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ আৰু গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ সহযোগত আজি ৰাজ্যজুৰি এলানি অনুশীলন কার্যসূচী ৰূপায়ণ কৰা হয়। নগাঁও জিলা দুর্যোগ ব্যৱস্থাপনা কর্তৃপক্ষই আজি এলানি অনুশীলন কাৰ্যসূচী ৰূপায়ণ কৰে। সেই অনুসৰি জিলাখনৰ বিভিন্ন স্থানক মঞ্চায়ন এলেকা, বানপীড়িত লোকৰ অনুসন্ধান আৰু উদ্ধাৰ অভিযান এলেকা, সাহায্য শিবিৰ, চিকিৎসা প্রদান কেন্দ্ৰ হিচাপে লৈ ফিল্ড ড্ৰীল আৰু আখৰামূলক অনুশীলন অনুষ্ঠিত কৰা হয়। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দুগৰাকী পর্যবেক্ষকে এই অনুশীলন কার্যসূচী সূক্ষ্মভাৱে নিৰীক্ষণ কৰে। বৰপেটা জিলাতো আজি দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ উদ্যোগত বানত আবদ্ধ লোকক উদ্ধাৰৰ আখৰামূলক অনুশীলন কৰা হয়। বৰপেটাৰ চাউলখোৱা নদীত ৰূপায়ণ কৰা এই কাৰ্যসূচীৰ জৰিয়তে বানৰ সময়ত পানীত পৰা লোকক তৎকালীনভাৱে উদ্ধাৰ কৰা, তেওঁলোকক উপযুক্ত চিকিৎসা প্রদান আদি বিভিন্ন দিশ সামৰি অনুশীলন কার্যসূচী অনুষ্ঠিত হয়। এই কাৰ্যসূচীত জিলাখনৰ দুৰ্যোগ ব্যৱস্থাপনাৰ সৈতে জড়িত সকলোবোৰ বিভাগে অংশগ্রহণকৰে।
Site Admin | December 19, 2024 7:44 PM | Akashvani | Akashvani Guwahati
বানৰ সময়ত দুৰ্যোগ প্ৰতিৰোধ কৰিবলৈ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ আৰু গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ সহযোগত ৰাজ্যজুৰি অনুশীলন কার্যসূচী ৰূপায়ণ
