বানৰ বাবে যাতায়াত ব্যাহত হৈ থকা থকা গুৱাহাটী-শ্বিলং-শিলচৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথেৰে পুনৰ যাতায়াত আৰম্ভ

বানৰ বাবে যাতায়াত ব্যাহত হৈ থকা থকা গুৱাহাটী-শ্বিলং-শিলচৰ সংযোগী ৰাষ্ট্ৰীয় ঘাইপথেৰে পুনৰ যাতায়াত আৰম্ভ হৈছে। যোৱা নিশাৰে পৰা পথটোৰে যাতায়াত আৰম্ভ কৰা হৈছে। উল্লেখযোগ্য যে ধাৰাসাৰ বৰষুণৰ ফলত মেঘালয়ৰ লুমছমত হোৱা ভূমিস্খলনৰ ফলত পাহাৰৰ পৰা নামি অহা বোকা মাটিয়ে ৰাষ্ট্ৰীয় ঘাইপথটোৰ কেইবা মিটাৰ অংশ খহাই পেলোৱাৰ ফলত পথটোৰে যাতায়াত সম্পূর্ণ বন্ধ হৈ পৰিছিল। ইয়াৰ ফলত পথৰ দুয়োকাষে ভালেসংখ্যক বাহন আবদ্ধ হৈ পৰিছিল। ইয়াৰ ফলস্বৰূপে বৰাক উপ্যতকাৰ লগতে চুবুৰীয়া মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা আৰু ৰাজ্য তথা দেশৰ অন্যান্য অংশৰ সৈতেও সাময়িকভাৱে যাতায়াত বিচ্ছিন্ন হৈছিল। পূব জয়ন্তীয়া পাহাৰ জিলা প্ৰশাসন আৰু নির্মাণ সংস্থাই যুদ্ধকালীন তৎপৰতাৰে কাম কৰি যোৱা নিশা পথটোৰে যান বাহন চলাচলৰ ব্যৱস্থা কৰি দিয়ে।

অধিক পঢ়ক

সকলো চাওক