ডাউনলোড
মোবাইল এপ

android apple
signal

বাদুংদুপ্পা কলা কেন্দ্রত পঞ্চদশ বাৰ্ষিক আন্দাৰ দা শাল ট্টী নাট সমাৰোহ, ২০২৪

বাদুংদুপ্পা কলা কেন্দ্রই পঞ্চদশ বাৰ্ষিক আন্দাৰ দা শাল ট্টী নাট সমাৰোহ, ২০২৪-ৰ লগত সংগতি ৰাখি কেন্দ্ৰটোৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান অহা ১৫, ১৬ আৰু ১৭ ডিচেম্বৰত তিনিদিনীয়াকৈ অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। মুক্ত আকাশৰ শালগছৰ তলত মাটিৰ মজিয়াত মঞ্চ, দৰ্শকৰ বাবে বাঁহেৰে গেলাৰী সাজি নাট প্ৰদৰ্শন কৰা বাদুংদুপ্পা কলা কেন্দ্ৰই ব্যতিক্রমী নাট ধাৰাৰ সৃষ্টি কৰি বিশেষ পৰিচিতি লাভ কৰিছে। ১৫ ডিচেম্বৰৰ পুৱা নাট সমাৰোহৰ উদ্বোধনী অনুষ্ঠানত দদান ৰাজা নামৰ নাটখন মঞ্চস্থ হ’ব। সেইদিনাই মংলি নামৰ আন এখন নাট মঞ্চস্থ হোৱাৰ লগতে ১৬ ডিচেম্বৰত কিন্ধান চাৰিটিৰাম নামৰ নাটখন প্ৰদৰ্শন কৰা হ’ব। সেইদিনা বিয়লি আঢ়ৈ বজাত ঈশান ৰাজ নামৰ আন এখন নাট প্ৰদৰ্শন কৰাৰ লগতে অন্তিম দিনা ৰূপালী জয়ন্তী বৰ্ষৰ অনুষ্ঠান বিভিন্ন লোককলাৰ প্ৰদৰ্শনেৰে সামৰণি পৰিব।

অধিক পঢ়ক

সকলো চাওক