July 25, 2024 10:09 AM | Awashini Biashnav

printer

বাজেটত উত্তৰ-পূৰ্বাঞ্চলৰ ৰে’লখণ্ডৰ উন্নয়নৰ বাবে ১০,৩৭৬ কোটি টকা আবণ্টনঃ অশ্বিনী বৈষ্ণৱ

ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কৈছে যে, এইবাৰৰ বাজেটত উত্তৰ-পূৰ্বাঞ্চলৰ ৰে’লখণ্ডৰ উন্নয়নৰ বাবে ১০, ৩৭৬ কোটি টকা আবণ্টন দিয়া হৈছে।  উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জ্যেষ্ঠ বিষয়া আৰু সংবাদমাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত ৰে’ল মন্ত্ৰী বৈষ্ণৱে কয় যে, উত্তৰ-পূৰ্বাঞ্চলত ৭৪,৯৭২ কোটি টকা বিনিয়োগেৰে ১৮টা ৰে’লৱে প্ৰকল্পৰ কাম চলি আছে। তেওঁ কয় যে, যোৱা ১০ বছৰত উত্তৰ-পূৰ্বাঞ্চলত ৪৭০টা ৰে’লৱে আন্দাৰপাছ আৰু অভাৰব্ৰীজৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ লগতে ৬০টা ষ্টেচনৰ পুনঃউন্নয়ন কৰা হৈছে। কেন্দ্ৰই বৰ্তমানৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে পর্যাপ্ত ধন আৱণ্টন দিয়া হৈছে বুলি মন্ত্ৰীগৰাকীয়ে কয় যে, এই বছৰৰ ডিচেম্বৰৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰে’লপথ বৈদ্যুতিকৰণ কৰা হ’ব। ইফালে ৰে’লৰ সুৰক্ষাৰ বিষয়টো উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, এই বিষয়টো চৰকাৰৰ সৰ্বোচ্চ অগ্ৰাধিকাৰৰ বিষয় আৰু যোৱা ১০ বছৰত ৰে’ল দুৰ্ঘটনাৰ সংখ্যা ৬০ শতাংশ হ্ৰাস পাইছে।

অধিক পঢ়ক

সকলো চাওক