বাক্সা, তামুলপুৰ আৰু  কামৰূপ নির্বাচনী জিলাত প্ৰশাসনৰ ভোটাৰ সজাগতা তথা স্বচ্ছ, নিকা আৰু শান্তিপূর্ণ ভোটগ্রহণৰ প্ৰস্তুতি

লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনসমূহে ৰাজ্যজুৰি ভোটদাতাসকলৰ বাবে সজাগতা কাৰ্যসূচীৰ আয়োজনকে ধৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। বাক্সা জিলাৰ বিভিন্ন ঠাইত আজি নির্বাচনী সজাগতামূলক কেইবাখনো সভা অনুষ্ঠিত হয়। ইয়াৰে কেইখনমান সভাত সংগীত শিল্পী মণিষা হাজৰিকাৰ উপৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশ লয়। কাৰ্যসূচীসমূহৰ জৰিয়তে গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰাৰ গুৰুত্ব সন্দৰ্ভত জনসাধাৰণক সজাগ কৰা হয়। তামুলপুৰ বাণিজ্য মহাবিদ্যালয়ৰ বাকৰিতো চাৰি শতাধিক শিক্ষাৰ্থীক লৈ প্ৰণালীবদ্ধ ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী অংশগ্রহণ অর্থাৎ ছুইপ বাহনৰ সহায়ত সজাগতামূলক সভাৰ আয়োজন কৰা হয়। তামুলপুৰ জিলাৰ আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীয়ে এই কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে। কামৰূপ নির্বাচনী জিলাত তৃতীয় পৰ্যায়ত হ’বলগীয়া নিৰ্বাচনৰ বাবে জিলা প্ৰশাসনে তৎপৰতা অব্যাহত ৰাখিছে। জিলা আয়ুক্ত কীর্তি জল্লীয়ে প্ৰকাশ কৰা মতে, কামৰূপ নিৰ্বাচনী জিলাৰ ৩টা বিধানসভা সমষ্টি ক্ৰমে চহৰীয়া, বকো- ছয়গাঁও আৰু পলাশবাৰী গুৱাহাটী লোকসভা সমষ্টিত আৰু হাজো-শুৱালকুছি সমষ্টি বৰপেটা লোকসভা সমষ্টিৰ অধীনত আছে। ৭ মে’ত হ’বলগীয়া এই নির্বাচনত মুঠ ৮ লাখ ৩৪ হাজাৰ ৪৬৮ গৰাকী ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰিব পাৰিব। ভোটগ্রহণ স্বচ্ছ, নিকা আৰু শান্তিপূর্ণভাৱে অনুষ্ঠিত কৰিবলৈ সকলো প্ৰস্তুতি লোৱা হৈছে বুলি আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে।

অধিক পঢ়ক

সকলো চাওক