June 2, 2024 8:16 PM | Baksa

printer

বাক্সা জিলাৰ শিমলাগুৰিত আৰক্ষীৰ মাদক দ্রব্য বিৰোধী অভিযান, এজন গ্ৰেপ্তাৰ

বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত শিমলাগুৰিত আজি আৰক্ষীয়ে মাদক দ্রব্য বিৰোধী অভিযান চলাই গাঞ্জাসহ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। বিশেষ সূত্ৰৰ পম খেদি শিমলাগুৰি অঞ্চলত চলোৱা অভিযানত আৰক্ষীয়ে গোবিন্দপুৰৰ নিবাসী সৰবৰাহকাৰীজনক এখন পান দোকানৰ পৰা আটক কৰে। অঞ্চলটোত গাঞ্জা তথা অন্যান্য মাদক দ্রব্য সৰবৰাহৰ বিষয়ে তথ্য লাভৰ কাৰণে আৰক্ষীয়ে সৰবৰাহকাৰীজনক জেৰা অব্যাহত ৰাখিছে।

অধিক পঢ়ক

সকলো চাওক