September 25, 2024 8:09 PM | Kiren Rijiju

printer

বাক্য সংশোধনী বিধেয়কখনৰ বাবে গঠন কৰা যুটীয়া সংসদীয় সমিতিক প্ৰতিবেদন দাখিল কৰিবলৈ আহ্বান মন্ত্রী কিৰেণ ৰিজিজুৰ

সংখ্যালঘু পৰিক্ৰমা মন্ত্রী কিৰেণ ৰিজিজুৱে বাক্য সংশোধনী বিধেয়কখন চালি জাৰি চোৱাৰ বাবে গঠন কৰা যুটীয়া সংসদীয় সমিতিয়ে সংসদৰ আসন্ন শীতকালীন অধিবেশনৰ প্ৰথম সপ্তাহৰ ভিতৰতে প্ৰতিবেদন দাখিল কৰিব বুলি আশা প্রকাশ কৰিছে। তেওঁ লগতে সমিতিখনে বিধেয়কখনৰ সন্দৰ্ভত এতিয়ালৈকে এক কোটিৰো অধিক দিহা পৰামৰ্শ লাভ কৰা বুলিও প্ৰকাশ কৰে। নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয়টো কাৰ্যকালৰ প্ৰথম এশ দিনৰ ভিতৰত সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ে লাভ কৰা সাফল্য সম্পৰ্কে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীৰিজিজুৱে কয় যে, বিধেয়কখন সন্দৰ্ভত বিস্তৃত আলাপ আলোচনা অব্যাহত আছে আৰু সমিতিখনে বিভিন্ন চৰকাৰী আৰু সামাজিক সংস্থাৰ পৰা দিহা পৰামৰ্শ বিচাৰিছে। তেওঁ কয় যে পূৰ্বতেও ৱাফ বিধেয়কৰ সংশোধন কৰা হৈছে কিন্তু এইবেলি সংশোধন সম্পর্কে ব্যাপক পৰিসৰত আলাপ-আলোচনা কৰা হৈছে আৰু গণতন্ত্ৰৰ বাবে এয়া সচাকৈ ভাল কথা। মোদী চৰকাৰৰ দিনত সংখ্যালঘু সম্প্রদায়সমূহৰ কল্যাণৰ হকে কৰা চৰকাৰী উদ্যমসমূহৰ বিকাশৰ কথা আলোকপাত কৰি শ্ৰীৰিজিজুৱে কয যে চৰকাৰে সংখ্যালঘু সম্প্ৰদায়ৰ সকলোৰে কল্যাণ সুনিশ্চিত কৰিছে আৰু তেওঁলোকক এটা নিৰাপদ বাতাবৰণ আৰু উন্নত সুযোগ প্ৰদান কৰিছে। তেওঁ কয় যে, সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ে এশ দিনীয়া কাৰ্যসূচীৰ অংশ হিচাপে সংখ্যালঘু সম্প্ৰদায়ৰ শিপিনী, শিল্পীসকলক তেওঁলোকৰ উৎকৃষ্ট হস্তজাত আৰু বস্ত্ৰশিল্প প্ৰদৰ্শনৰ এখন মঞ্চ প্ৰদান কৰাৰ উদ্দেশ্যে দিল্লীহাটত এইবছৰ লোকসম্বৰ্ধন পৰ্বৰ আয়োজন কৰে। চৰকাৰে ২০২৪-২৫ বিত্তীয় বৰ্ষত ২ লাখ ৫০ হাজাৰৰো অধিক হিতাধিকাৰীলৈ এহেজাৰ কোটিৰো অধিক টকাৰ ঋণ আগবঢ়াইছে বুলি তেওঁ উল্লেখ কৰে। হজ যাত্ৰা সন্দৰ্ভত মত প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে হজ যাত্ৰাৰ সুবিধার্থে হজ সুবিধা এপ মুকলি কৰাৰ কথা প্ৰকাশ কৰে। প্ৰতিবছৰে ভাৰতত এক লাখ ৭৫ হাজাৰৰো অধিক হজযাত্ৰীয়ে মক্কা ভ্ৰমণ কৰে বুলি তেওঁ জানিবলৈ দিয়ে।

অধিক পঢ়ক

সকলো চাওক