ডাউনলোড
মোবাইল এপ

android apple
signal

December 4, 2024 8:46 PM | Nityananda Rai

printer

বাওপন্থী উগ্ৰবাদৰ বিভিষিকাৰ পৰা মুক্ত কৰা হৈছে বুলি কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ৰ প্ৰকাশ

চৰকাৰে বিগত ৫ বছৰত দেশৰ ৬০ খন জিলাক বাওপন্থী উগ্ৰবাদৰ বিভিষিকাৰ পৰা মুক্ত কৰা হৈছে বুলি প্ৰকাশ কৰিছে। ৰাজ্যসভাত আজি এটা লিখিত উত্তৰত এই কথা সদৰি কৰি কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে কয় যে, বাওপন্থী উগ্ৰবাদৰ সমস্যা দূৰ কৰাৰ বাবে ৰাষ্ট্ৰীয় নীতি আৰু কাৰ্যপৰিকল্পনাৰ কঠোৰ ৰূপায়ণৰ পাছত হিংসা আৰু উগ্ৰবাদৰ ভৌগলিক সম্প্ৰসাৰণ যথেষ্ট হ্ৰাস পাইছে। মন্ত্ৰীগৰাকীয়ে কয়, যে যোৱা বছৰত বাওপন্থী উগ্ৰবাদজনিত হিংসাৰ ঘটনা ২০১০ চনৰ তুলনাত ৭৩ শতাংশ হ্রাস পায়। তেওঁ কয়, যে এনে ঘটনাত নিহত সুৰক্ষা বাহিনী আৰু অসামৰিক লোকৰ সংখ্যাও ২০২৩ চনৰ ১৩৮ লৈ হ্ৰাস পায়। ইয়াৰ উপৰি ২০২৪ চনত এপ্রিল পর্যন্ত বাওপন্থী উগ্রবাদ প্ৰভাৱিত জিলাৰ সংখ্যা ৩৮ লৈ হ্ৰাস পোৱা বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে কয়, যে বিগত বছৰত বাওপন্থী উগ্রবাদ প্ৰভাৱিত ৰাজ্যসমূহৰ সামৰ্থ বৃদ্ধিৰ বাবে ৪ হাজাৰ ৩৫০ কোটি টকা মোকলাই দিয়া হৈছে।

অধিক পঢ়ক

সকলো চাওক