ডাউনলোড
মোবাইল এপ

android apple
signal

বাওঁপন্থী সন্ত্ৰাসবাদৰ দ্বাৰা প্ৰভাৱিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে পর্যালোচনা বৈঠকত গৃহমন্ত্রীৰ অধ্যক্ষতা

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি নতুন দিল্লীত বাওঁপন্থী সন্ত্ৰাসবাদৰ দ্বাৰা প্ৰভাৱিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে এখন পর্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত অন্ধ্রপ্রদেশ, বিহাৰ, ছত্তিশগড়, ঝাৰখণ্ড, তেলেংগানা, ওড়িশা, মহাৰাষ্ট্ৰ আৰু মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীসকলে অংশগ্ৰহণ কৰিছে। তদুপৰি এই বৈঠকত ৰাষ্ট্ৰীয় সুৰক্ষা উপ পৰামৰ্শদাতাৰ লগতে কেন্দ্ৰ, ৰাজ্য তথা কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ শীর্ষ বিষয়াসকলেও অংশগ্রহণ কৰিছে। বৈঠকৰ পূৰ্বে গৃহ মন্ত্ৰালয়ে এটা বিবৃতিত প্ৰকাশ কৰা অনুসৰি কেন্দ্ৰীয় চৰকাৰ ২০২৬ চনৰ মাৰ্চ মাহৰ ভিতৰত বাওপন্থী সন্ত্ৰাসবাদ সম্পূৰ্ণৰূপে নিৰ্মূল কৰিবলৈ বদ্ধ পৰিকৰ। কেন্দ্ৰই এনে ৰাজ্যসমূহক নক্সালবাদৰ বিৰুদ্ধে যুঁজ দিবলৈ যাৱতীয় সহযোগিতা আগবঢ়াইছে বুলিও বিবৃতিটোত প্ৰকাশ কৰা হৈছে। মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি নৰেন্দ্ৰ মোদী চৰকাৰৰ ৰণনীতিৰ বাবে ২০১০ চনৰ তুলনাত ২০২৩ চনত বাওপন্থী সন্ত্ৰাসবাদৰ হিংসাত্মক কার্যকলাপ ৭২ শতাংশলৈ হ্ৰাস পোৱাৰ লগতে মৃত্যুৰ সংখ্যা ৮৬ শতাংশলৈ হ্ৰাস পাইছে। আনহাতে ২০২৪ চনত বৰ্তমানলৈকে নিৰাপত্তা বাহিনীৰ হাতত ২০২টা বাওপন্থী সন্ত্ৰাসবাদীৰ মৃত্যু হোৱাৰ লগতে ৭২৩টা সন্ত্রাসবাদীয়ে আত্মসমর্পণ কৰিছে তথা ৮১২টা সন্ত্ৰাসবাদীক আটক কৰা হৈছে। একেদৰে এই বছৰত বাওপন্থী সন্ত্ৰাসবাদ প্রভাৱিত জিলাৰ সংখ্যাও ৩৮লৈ হ্ৰাস পাইছে। মন্ত্ৰ্যালয়ে কৈছে যে, চৰকাৰে প্ৰভাৱিত ৰাজ্যসমূহৰ অতি ভিতৰুৱা অঞ্চলসমূহৰ উন্নয়নৰ বাবে পথ আৰু মোবাইল যোগাযোগৰ সুবিধাকে ধৰি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। এই অঞ্চলসমূহত ১৪ হাজাৰ কিলোমিটাৰতকৈও অধিক পথ নিৰ্মাণ কৰাৰ লগতে প্রায় ৬,০০০ মোবাইল টাৱাৰ স্থাপন কৰা হৈছে বুলিও বিবৃতিটোত প্ৰকাশ কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক