বাংলাদেশ চৰকাৰৰ মাংকিপক্স ৰোগৰ প্ৰাদুৰ্ভাৱ হোৱা দেশসমূহৰ পৰা যাত্ৰীসকলৰ স্বাস্থ্য পৰীক্ষা কৰাৰ সিদ্ধান্ত

বাংলাদেশ চৰকাৰে মাংকিপক্স ৰোগৰ প্ৰাদুৰ্ভাৱ হোৱা দেশসমূহৰ পৰা অহা যাত্ৰীসকলৰ স্বাস্থ্য পৰীক্ষা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বিশ্বৰ বিভিন্ন প্ৰান্তত এই ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটাৰ পৰিপ্ৰেক্ষিতত দেশখনে এই সিদ্ধান্ত গ্রহণ কৰিছে। বাংলাদেশৰ ঢাকাৰ হজৰত শ্বাহ জালাল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত এনে যাত্ৰীসকলৰ শৰীৰৰ তাপমাত্রা জোখাৰ ব্যৱস্থা কালি আৰম্ভ কৰা হৈছে তদুপৰি কোনো যাত্ৰীৰ শৰীৰত এনে লক্ষণ পৰিলক্ষিত হ’লে স্বাস্থ্য বিভাগক জনাবলৈ তথা সতৰ্ক হৈ থাকিবলৈ বিমান সংস্থাসমূহলৈ নিৰ্দেশ দিয়া হৈছে। বিমান বন্দৰৰ বিষয়াই প্ৰকাশ কৰা অনুসৰি কোনো লোক মাংকিপক্স ৰোগত আক্ৰান্ত হোৱা বুলি ধৰা পৰিলে ঢাকাৰ বিশেষ চিকিৎসালয়লৈ পোনপটীয়াকৈ প্ৰেৰণ কৰা হ’ব। অৱশ্যে বাংলাদেশত এতিয়ালৈ কোনো ৰোগ মাংকিপক্সত আক্ৰান্ত হোৱা বুলি জানিব পৰা হোৱা নাই। বিশ্ব স্বাস্থ্য সংস্থাই আফ্ৰিকাত মাংকিপক্স দ্রুতগতিত বিয়পাৰ পৰিপ্ৰেক্ষিতত এই ৰোগৰ প্ৰাদুৰ্ভাৱক গোলকীয় স্বাস্থ্য খণ্ডক জৰুৰী অৱস্থা হিচাপে ঘোষণা কৰিছে। উল্লেখযোগ্য যে মাংকিপক্স ভাইৰাছৰ জৰিয়তে বিয়পা ই এবিধ সংক্ৰামক ৰোগ। এই ৰোগত আক্ৰান্ত লোকৰ শৰীৰত জ্বৰ, ডিঙিৰ সুৰসুৰনি, ডিঙিৰ গ্ৰন্থি ফুলা, ছাল ৰঙা পৰা, ককালৰ বিষ আদি লক্ষণে দেখা দিয়ে। ইতিমধ্যে ভাৰতৰ স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰিছে যে, এতিয়ালৈ ভাৰতত মাংকিপক্সৰ কোনো ৰোগী ধৰা পৰা নাই। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্রী জে পি নাড্ডাই কালি নতুন দিল্লীত এখন বৈঠকত দেশৰ মাংকিপক্সৰ পৰিস্থিতি তথা এই সন্দৰ্ভত চলা যাৱতীয় প্ৰস্তুতিৰ পৰ্যালোচনা কৰে।

অধিক পঢ়ক

সকলো চাওক