বাংলাদেশ উচ্চতম ন্যায়ালয়ৰ চৰকাৰী চাকৰিত থকা অধিকাংশ সংৰক্ষণ বাতিলৰ নিৰ্দেশ

বাংলাদেশ উচ্চতম ন্যায়ালয়ে চৰকাৰী চাকৰিত থকা অধিকাংশ সংৰক্ষণ বাতিল কৰে। উল্লেখযোগ্য যে, সংৰক্ষণ বিষয়ক লৈ আৰক্ষী আৰু বিশ্ব বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ মাজত দেশজুৰি হোৱা সংঘৰ্ষত ১০০ গৰাকীতকৈ অধিক লোক নিহত হয়। দেশখনৰ উচ্চতম ন্যায়ালয়ে দিয়া নির্দেশ অনুযায়ী এতিয়াৰ পৰা ১৯৭১ চনৰ যুদ্ধৰ সৈনিকসকলৰ সম্পৰ্কীয় লোকৰ বাবে পূৰ্বৰ ৩০ শতাংশৰ স্থানত ৫ শতাংশ অসামৰিক সেৱাৰ চাকৰি সংৰক্ষিত থাকিব। বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলে সংৰক্ষণ ব্যৱস্থাক বৈষম্যমূলক আখ্যা দি এই ব্যৱস্থাৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আহিছে। ২০১৮ চনত প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাৰ চৰকাৰে সংৰক্ষণ ব্যৱস্থা বাতিল কৰিছিল যদিও যোৱা মাহত নিম্ন আদালতে ইয়াক পুনৰ বাহাল ৰখাৰ ব্যৱস্থা কৰাৰ ফলত দেশজুৰি হিংসাত্মক প্ৰতিবাদৰ সৃষ্টি হয়। যোৱা বৃহস্পতিবাৰৰ পৰা দেশখনত ইণ্টাৰনেট সেৱা বন্ধ হৈ আছে। দেশখনৰ বিভিন্ন প্ৰান্তত অস্থিৰতা বিৰাজ কৰি থকাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে সান্ধ্য আইন বলৱৎ কৰাৰ লগতে দেখা মাত্ৰকে গুলীওৱাৰ নিৰ্দেশ দিছে।

অধিক পঢ়ক

সকলো চাওক