October 23, 2024 6:04 PM | Bangladesh Protest

printer

বাংলাদেশৰ ৰাষ্ট্ৰপতি মহম্মদ ছাহাবুদ্দিনৰ পদত্যাগৰ দাবীত প্ৰতিবাদ

অপসাৰিত প্ৰধানমন্ত্রী শ্বেইখ হাছিনাৰ পদত্যাগ সন্দৰ্ভত কৰা মন্তব্যৰ বাবে বাংলাদেশত কালি ৰাষ্ট্ৰপতি মহম্মদ ছাহাবুদ্দিনৰ পদত্যাগৰ দাবী তীব্ৰতৰ হৈ উঠে। কালি নিশা চাৰে ৮ বজাত শতাধিক প্ৰতিবাদকাৰীয়ে ৰাষ্ট্ৰপতিৰ বাসস্থানৰ নিৰাপত্তাবেষ্টনী ভাঙি বংগভৱনত প্ৰৱেশৰ চেষ্টা চলায়। বংগভৱনত প্ৰৱেশত বাধা দিয়াৰ সময়ত প্ৰতিবাদকাৰী আৰু নিৰাপত্তাৰক্ষীৰ মাজত হোৱা সংঘৰ্ষৰ ফলত দুগৰাকী সাংবাদিককে ধৰি ৫ জন লোক আঘাতপ্রাপ্ত হয়। সাংবাদিকৰে সৈতে হোৱা অলপতে হোৱা এটা সাক্ষাৎকাৰত ৰাষ্ট্ৰপতি মহম্মদ ছাহাবুদ্দিনে প্রধানমন্ত্রী শ্বেইখ হাছিনা পদত্যাগ কৰা বুলি শুনিবলৈ পোৱাৰ বিষয়ে উল্লেখ কৰিছিল। অৱশ্যে এই সন্দৰ্ভত তেওঁৰ ওচৰত পদত্যাগ পত্র নাইবা আ কোনো তথ্যভিত্তিক প্রমাণ নাই বুলিও উল্লেখ কৰিছিল। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে কেইবাবাৰো চেষ্টা চলোৱাৰ পাছতো পদত্যাগ পত্ৰ লাভ কৰিবলৈ তেওঁ সমৰ্থ নহ’ল বুলিও উল্লেখ কৰিছিল। তেওঁ লগতে অপসাৰিত প্ৰধানমন্ত্ৰীগৰাকীয়ে ইয়াৰ বাবে নিশ্চয় সময় উলিওয়াব পৰা নাই বুলিও সাক্ষাৎকাৰটিত মন্তব্য কৰিছিল। ইপিনে বাংলাদেশ চৰকাৰৰ আইন উপদেষ্টাগৰাকীয়ে ঘটনাটো নিজৰ হাতলৈ নিয়াৰ লগতে ৰাষ্ট্ৰপতিগৰাকীয়ে শ্বেইখ হাছিনাৰ পদত্যাগৰ বিষয়টো সন্দৰ্ভত পৰস্পৰ বিৰোধী মন্তব্য দিয়া বুলি সোমবাৰে প্ৰকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক