বাংলাদেশৰ হিংসাত্মক প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত বিভিন্ন চিকিৎসা মহাবিদ্যালয়ত অধ্যয়নৰত অসমৰ ছাত্ৰ-ছাত্ৰীসকল সুকলমে ঘৰলৈ প্ৰত্যাৱৰ্তন

বাংলাদেশত চলি থকা হিংসাত্মক প্ৰতিবাদ কাৰ্যসূচীৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় ছাত্ৰ-ছাত্ৰী দেশলৈ উভতনি যাত্রা অব্যাহত আছে। বাংলাদেশৰ ঢাকা, মানিকগঞ্জ, বগুৰাকে ধৰি বিভিন্ন চিকিৎসা মহাবিদ্যালয়ত অধ্যয়নৰত ধুবুৰী জিলাৰ ছাত্ৰ-ছাত্ৰীসকলো সুকলমে ঘৰলৈ প্ৰত্যাৱৰ্তন কৰিছে। আজিলৈকে ধুবুৰী আৰু গৌৰীপুৰত মুঠ ছজন ছাত্ৰ-ছাত্ৰীক ভাৰতীয় উচ্চায়ুক্তৰ উদ্যোগত ঘূৰাই অনা হৈছে। একেদৰে শিৱসাগৰ জিলাৰো এজন ছাত্ৰ হিংসাত্মক পৰিস্থিতিৰ মাজেৰে ঘুৰি আহিবলৈ সমৰ্থ হৈছে। উল্লেখযোগ্য যে, শেহতীয়াকৈ ৰাজ্যৰ ১৫ জনীয়া ছাত্ৰ-ছাত্ৰীৰ এটা দল বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ সহযোগত সুকলমে দেশলৈ ঘূৰি আহিবলৈ সমৰ্থ হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে দিয়া তথ্য অনুযায়ী ঢাকাত থকা ভাৰতীয় উচ্চায়ুক্তৰ লগতে চট্টগ্রাম, ৰাজশ্বাহী, চিলেট আৰু খুলনাত থকা সহকাৰী উচ্চায়ুক্তই ভাৰতীয় নাগৰিকসকলক দেশলৈ ঘূৰি অহাত সহায় কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে দিয়া বিবৃতি অনুযায়ী স্থানীয় কৰ্তৃপক্ষৰ সহযোগত উচ্চায়ুক্ত আৰু সহকাৰী উচ্চায়ুক্তসকলে ভাৰত-বাংলাদেশৰ সীমান্ত পাৰ কৰি ভাৰতীয় নাগৰিকসকলৰ নিৰাপদ যাত্রা সুনিশ্চিত কৰিছে। ইয়াৰ বাবে মন্ত্ৰ্যালয়ে সামৰিক বিমান পৰিবহণ, বন্দৰ আৰু সীমা সুৰক্ষা বাহিনীৰ কৰ্তৃপক্ষৰ সহযোগিতাত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে ৰাজ্যৰ ভাৰত-বাংলাদেশ সীমান্তৰ কৰিমগঞ্জ সুতাৰকান্দি সংহত পহৰা চকীৰ জৰিয়তেও ৪১ গৰাকী ভাৰতীয় ছাত্র-ছাত্রী বাংলাদেশৰ পৰা স্বদেশলৈ উভতি আহিছে। কৰিমগঞ্জ জিলা প্ৰশাসনে পৰিস্থিতি পৰ্যবেক্ষণ কৰিবলৈ আৰু বাংলাদেশৰ পৰা অহা ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলৰ বিষয়টোক তদাৰক কৰিবলৈ এজন দণ্ডাধীশক দায়িত্ব অপৰ্ণ কৰিছে।

অধিক পঢ়ক

সকলো চাওক